দেশত নাহৰফুটুকীৰ সংখ্যা ১২,৮৫২টালৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ভাৰতত নাহৰফুটুকীৰ সংখ্যাই ১২,৮০০ অতিক্রম কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি এই বিষয়টো সন্দর্ভত সুখ প্রকাশ কৰিছে৷ কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন দপ্তৰৰ দায়িত্বত থকা মন্ত্রী প্রকাশ জাভেদকাৰে নাহৰফুটুকীৰ সংখ্যা ১২,৮৫২লৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰাৰ পিছতে প্রধানমন্ত্রী মোদীয়ে এয়া এক আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰিছে৷ স্মর্তব্য যে সিংহ আৰু বাঘৰ সংখ্যা দেশত বৃদ্ধি পোৱাৰ পিছতে নাহৰফুটুকীৰ সংখ্যা বৃদ্ধি পোৱাটো এক ভাল খবৰ বুলি অভিহিত কৰিছে মোদীয়ে৷ বন্যপ্রাণী সংৰক্ষণৰ বাবে যিসকল লোকে কাম কৰি আছে, তেওঁলোকক অভিনন্দনো জ্ঞাপন কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ দেশত বন্যপ্রাণীবোৰে নিৰাপদে বিচৰণ কৰিবলৈ সক্ষম হোৱা বুলি নিশ্চিত কৰিব লাগে সকলোৱে৷ এয়া জনসাধাৰণৰ দায়িত্ব বুলিও উল্লেখ কৰিছে মোদীয়ে৷ ২০১৪ চনত নাহৰফুটুকীৰ সংখ্যা আছিল ৭,৯১০টা৷ অর্থাৎ বর্তমান ৬০ শতাংশতকৈ অধিক নাহৰফুটুকীৰ সংখ্যা বৃদ্ধি পাইছে৷