নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰ হ’ব অন্যতম অভিযুক্ত মৃগেন শইকীয়া

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ এপিএছচি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়া গ্রেপ্তাৰ হোৱাৰ পথ প্রশস্ত হ’ল৷ কেলেংকাৰিৰ তদন্তৰ ক্ষেত্রত ৰাজসাক্ষী হ’বলৈ বিচাৰি ডাঃ মৃগেন শইকীয়াই কৰা আবেদন আজি খাৰিজ কৰে বিশেষ আদালতে৷ উল্লেখ্য যে সম্প্রতি আগতীয়া জামিনত আছে ডাঃ শইকীয়া৷ অহা ৮ জানুৱাৰীত তেওঁৰ জামিনৰ ম্যাদ শেষ হ’ব৷ যদিহে গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰে, তেনেহ’লে তেওঁক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পাৰিব৷ ইতিমধ্যে ডাঃ শইকীয়াই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী প্রদান কৰিছে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিত ৰাকেশ পালৰ পূর্বৰ পৰাই ডাঃ মৃগেন শইকীয়া জডিত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আয়োগৰ কেলেংকাৰিত ৰাকেশ পাল গ্রেপ্তাৰ হোৱাৰ পিছৰে পৰা ডাঃ শইকীয়া পলাতক হৈ আছিল৷

You might also like