পাইপ বহুওৱাৰ নামত অনিয়মঃ ক্ষুব্ধ কৃষকে বন্ধ কৰিলে পানী যোগান আঁচনিৰ কাম
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কৃষকৰ বাবে আবণ্টিত পানী যোগান আঁচনি ৰূপায়ণৰ নামত আজাৰা ৰাজহ চক্র এলেকাত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ প্রাপ্ত অভিযোগ অনুসৰি আজাৰা ৰাজহ চক্র এলেকাৰ তথা ধাৰাপুৰ কৃষি সম্প্রসাৰণ বিষয়া কার্যালয়ৰ অধীনৰ খানামুখ হাওৰাপাৰৰ তিনি কৃষক ক্রমে হিতেশ কলিতা, ধীৰাজ কলিতা আৰু বিতু কলিতাই কৃষি বিভাগৰ পৰা খেতিপথাৰত পানী যোগানৰ বাবে আঁচনি লাভ কৰে৷ সেই অনুসৰি কৃষি বিভাগৰ অভিযান্ত্রিক শাখাই ঠিকাদাৰৰ হতুৱাই উক্ত কৃষককেইজনৰ খেতিপথাৰত পানীৰ পাইপ বহুওৱাৰ ব্যৱস্থা কৰে৷ কিন্তু ঠিকাদাৰে পানী যোগানৰ বাবে আৰম্ভ কৰিব বিচৰা কামৰ নমুনা দেখি কৃষকসকল জাঙুৰ খাই উঠিছে৷
এই সন্দর্ভত কৃষক হিতেশ কলিতাই জানিবলৈ দিয়া মতে কামৰ ঠিকা লাভ কৰিছে আমিৰ হামজা নামৰ ঠিকাদাৰ এজনে৷ পানী যোগানৰ বাবে মাটিৰ তলত বহুৱাবৰ বাবে যি পাইপ আনিছে সেই পাইপ হাতেৰে হেঁচি দিলেই ভাগি যায়৷ তদুপৰি মাটিৰ ১০০ ৰ পৰা ১৫০ ফুট গভীৰতালৈ পাইপ পুতিব লাগে যদিও ঠিকাদাৰে ৭০–৮০ ফুটতকৈ অধিক তললৈ পাইপ পুতিব নোৱাৰো বুলি কয়৷ যাৰবাবে কৃষকসকলে কাম বন্ধ কৰি দিয়ে৷ ইফালে কৃষি বিভাগৰ ডেকা উপাধিৰ বিভাগীয় অভিযন্তাগৰাকীয়ে নিশাৰ ভাগত কৃষক হিতেশ কলিতাক ফোন কৰি ‘পাইপ কিমান তললৈবহুৱাব লাগে আমি জানো৷ জানিব খোজা যদি অফিচলৈ আহিবি’ বুলি কোৱা কার্যই ৰহস্যৰ সৃষ্টি কৰিছে৷
কিয়নো আঁচনি ৰূপায়ণ কৰাৰ সময়ত বিভাগীয় অভিযন্তাগৰাকী প্রকল্পস্থলীত উপস্থিত থাকি কামৰ তদাৰক আৰু মান নিৰূপণ কৰিব লাগে৷ কিন্তু তাকে নকৰি কৃষকক কিয় কাম বুজাবলৈ অফিচলৈ মাতিলে সেয়া নুবুজা সাঁথৰ৷ আনহাতে এই কার্যই ঠিকাদাৰ আৰু অভিযন্তাৰ মাজত কিবা গোপন বুজাবুজি আছে নেকি বুলিও প্রশ্ণ উত্থাপন হৈছে৷ যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে সমগ্র বিষয়টোৰ উচিত তদন্ত কৰিবলৈ কৃষিমন্ত্রী অতুল বৰা আৰু স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক দাবী জনাইছে৷