নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PAN কার্ডৰ তথ্য ভুল আছে? তেন্তে ঘৰত বহিয়ে অনলাইনত এনেদৰে কৰক শুধৰণি…

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ দেশৰ সকলো আয়কৰদাতাৰ PAN কাৰ্ড থকাটো বাধ্যতামূলক। যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বা বেংকত নতুন একাউণ্ট খোলাৰ বাবে পেন কাৰ্ড এখন থকাটো জৰুৰী।

কিন্তু যদি পেন কাৰ্ডৰ কোনো তথ্য ভুল হয়! এই ক্ষেত্ৰত, অফলাইনত ফর্ম পূৰণ কৰি আবেদন কৰিব পাৰি। অৱশ্যে, আপুনি অনলাইনতে ঘৰত বহি PAN কার্ডত থকা ভুল তথ্য শুধৰাব পাৰে।

PAN কাৰ্ডত তথ্যমূলক ত্ৰুটি সংশোধন কৰিবলৈ, প্ৰথমে এই লিংকত ক্লিক কৰক: https://www.onlineservices.nsdl.com/paam/endUserRegisterContact.html

ইয়াত আপুনি প্ৰথমে এপ্লিকেচন প্ৰকাৰ বাছনি কৰিব লাগিব। অৰ্থাৎ, ভাৰতীয়সকলে নতুন পেন কাৰ্ড (ফর্ম 49A) বা নতুন পেন কাৰ্ড (ফর্ম 49A A) বা বৰ্তমান পেন তথ্য পৰিৱৰ্তন বা সংশোধনত সঠিক বিকল্প বাছনি কৰিব লাগিব।

ইয়াৰ পাছত নিজৰ নাম, জন্ম তাৰিখ, ই-মেইল আইডি, মোবাইল নম্বৰ, PAN নম্বৰ দি ফর্মৰ একেবাৰে তলত বাও দিশে থকা কেপচা কোড (Captcha Code) সঠিক ভাবে লিখি দাখিল কৰিব লাগিব। তাৰ পিছত আপোনাৰ পৰিৱৰ্তিত PAN কাৰ্ড পিডিএফ আৰু আপোনাৰ বৈধ ই-মেইল IDত অধিসূচনা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, এই সময়ত নতুন পেন কাৰ্ড এখনৰ বাবে আবেদন কৰিবলৈ নাপাহৰিব। কাৰণ যদি ব্যক্তি এজনৰ একাধিক PAN আছে, ই আয়কৰ আইন অনুসৰি এক শাস্তিযোগ্য অপৰাধ। আয়কৰ আইনৰ (১৯৬১) অনুচ্ছেদ ২৭২ B অনুসৰি, একাধিক পেন নম্বৰ থকা ব্যক্তিক ১০,০০০ টকালৈকে আৰ্থিক জৰিমনা বিহিব পাৰি।

You might also like