নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মায়ংকৰ সৈতে অ’পেনিং কৰক ৰোহিতে

তৃতীয় টেষ্টৰ পূর্বে গাভাস্কাৰৰ পৰামর্শ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ১৪ দিনৰ কোৱাৰেণ্টাইন সমাপ্ত কৰি আজি দলীয় শিবিৰত যোগ দিয়া তাৰকা অ’পেনাৰ ৰোহিত শর্মাই ছিডনী টেষ্টত মায়ংক আগৰৱালৰ সৈতে টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰা উচিত৷ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰে৷ ‘মোৰ মতে তৃতীয় টেষ্টত মায়ংক আৰু ৰোহিতে অ’পেনিং কৰা উচিত আৰু শুভমন গিলক মিডল অর্ডাৰত বেটিং কৰিব দিব লাগে৷ সম্প্রতি দুর্বল ফর্মত ভুগি থকা হনুমা বিহাৰীক বিশ্রাম দিয়াৰ প্রয়োজন আছে৷’ গাভাস্কাৰে এইদৰে কয়৷ উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত মায়ংক আগৰৱালা আৰু হনুমা বিহাৰীক স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নাই৷ মায়ংকে চাৰিটা ইনিংছত মাত্র ৩১ ৰান আৰু বিহাৰীয়ে ৪৫ ৰান সংগ্রহ কৰিছে৷ ইফালে, বক্সিং ডে’ টেষ্টত আজিংক্য ৰাহানেৰ শতকীয় ইনিংছক ভূয়সী প্রশংসা কৰি গাভাস্কাৰে কয় যে এয়া ভাৰতীয় ক্রিকেট ইতিহাসৰ সবাতোকৈ গুৰুত্বপূর্ণ টেষ্ট শতক আছিল৷

You might also like