নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা শিলঘাটৰ মৰাপাট কলত পুনৰ উৎপাদন আৰম্ভ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ   ইংৰাজী নৱবর্ষৰ পহিলা দিনটোতে অসমবাসীয়ে লাভ কৰিব এটা ভাল খবৰ৷ নগাঁও জিলাৰ শিলঘাটত স্থাপিত অসম সমবায় মৰাপাট কলত ২০২১ৰ পহিলা জানুৱাৰী দিনটোৰ পৰাই পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ হ’ব৷ নিঃসন্দেহে এইটো অসমৰ উদ্যোগ ক্ষেত্রখনৰ লগতে অসমবাসীৰ বাবে এক ভাল খবৰ হ’ব৷ মৰাপাট কলটোত শেহতীয়াভাৱে উদ্ভৱ হোৱা আর্থিক সংকটৰ জোৰা মাৰিবৰ বাবে মৰাপাট কল কর্তৃপক্ষই শ্রমিকসকলৰ মজুৰি কিছু কর্তনৰ প্রস্তাৱ উত্থাপন কৰিছিল৷ ইয়াক কেন্দ্র কৰিয়েই মৰাপাট কলটোৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সেই দিনাৰ পৰাই আজি দুমাহ ধৰি মৰাপাট কলটোৰ উৎপাদন বন্ধ হৈ আছিল৷ ফলত মৰাপাট কলটো ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল৷

কলিয়াবৰৰ বিভিন্ন দল–সংগঠন, বিশিষ্ট নাগৰিকে মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়া পুনৰ আৰম্ভ কৰিবৰ বাবে দাবী উত্থাপন কৰিছিল৷ মৰাপাট কলটোৰ পৰিচালনা সমিতিৰ সভাপতি তথা জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ প্রচেষ্টাত মৰাপাট কলটোত পুনৰ উৎপাদন প্রক্রিয়াৰ পথ মুকলি হৈছে৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত এই সন্দর্ভত জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ হোৱা এখন বৈঠকত মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবৰ বাবে ১০ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল৷ উল্লেখ্য যে মৰাপাট কলটোৱে মৰাপাট যোগান ধৰা ব্যৱসায়ীক প্রায় ৯ কোটি টকা দিবলৈ আছে৷ মৰাপাট যোগনিয়াৰ ব্যৱসায়ীসকলে মৰাপাট যোগান ধৰাত অসন্মতি প্রকাশ কৰিছিল৷ এতিয়া মৰাপাট কল কর্তৃপক্ষই মৰাপাট যোগনিয়াৰ ব্যৱসায়ীসকলক প্রাপ্য ধন আদায় দিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে আৰু ব্যৱসায়ীসকলেও মৰাপাট যোগানত সন্মতি প্রকাশ কৰিছে৷

জানিব পৰা মতে, আজি আনুষ্ঠানিকভাৱে মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়াৰ শুভাৰম্ভ কৰিব মন্ত্রী কেশৱ মহন্তই৷ উল্লেখ্য যে ১৯৭১ চনৰ পৰা উৎপাদন আৰম্ভ কৰা মৰাপাট কলটোৱে আৰম্ভণিতে লাভৰ মুখ দেখিছিল যদিও পৰৱর্তী সময়ত লোকচানৰ সন্মুখীন হোৱাত ১৯৮৪ চনত মৰাপাট কলটো বন্ধ হৈ পৰে৷ অসম চুক্তি অনুসৰি ১৯৮৬ চনৰ পহিলা জানুৱাৰীত মৰাপাট কলটোৰ পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ হয়৷ সেই সময়ৰ পৰা মৰাপাট কলটোৱে সকলো ধৰণৰ লেনা–দেনা পৰিশোধ কৰি ১৯৯২ চনৰ পৰা ক্রমাগতভাৱে ২০১৯ চনলৈকে মৰাপাট কলটোৱে লাভৰ মুখ দেখি আহিছিল৷ মাহিলি শ্রমিক–কর্মচাৰীক দৰমহা দিয়াত ব্যয় হয় ১ কোটি ৪০ লাখ টকা৷ দৰমহাসহ আন যাৱতীয় খৰচত মাহিলি ব্যয় হয় ৫ কোটি টকা৷ বুজন পৰিমাণৰ ধন মাহিলি ব্যয় কৰি আশাতীতভাৱে লাভ কৰা মৰাপাট কলটোত হঠাৎ কিয় অচলাৱস্থাৰ সৃষ্টি হ’ল, তাৰো এক তদন্ত হোৱাটো ৰাইজে বিচাৰিছে৷ এতিয়া কলটোত উৎপাদন পুনৰ আৰম্ভ হোৱাৰ খবৰ লাভ কৰি কলিয়াবৰবাসীৰ লগতে শ্রমিক–কর্মচাৰীসক্ উৎফুল্ল হৈ উঠিছে৷

You might also like