নাইজাৰত ইছলামিষ্ট জেহাদীৰ আক্রমণ, নিহত ১০০ৰো অধিক
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ সন্দেহজনক ইছলামিষ্ট সন্ত্রাসবাদীয়ে আফ্রিকান ৰাষ্ট্র নাইজাৰৰ দুখন গাঁৱত চলোৱা নির্বিচাৰ আক্রমণত কমপক্ষেও ৭৯গৰাকী গঞা নিহত হোৱাৰ উপৰি অন্য ১৭জন গুৰুতৰভাৱে আহত হৈছে৷ কম্বাংগু নামৰ গাঁওখনত প্রথমটো আক্রমণত ৪৯গৰাকী লোক নিহত হোৱাৰ উপৰি জাৰুমডাৰেয়ে নামৰ গাঁওখনত নিহত হৈছে ৩০গৰাকী লোক৷ সংবাদ সংস্থা ৰয়টাৰৰ প্রতিবেদন অনুসৰি মালি সীমান্তৰ নাইজাৰৰ এই গাঁও দুখনত সন্ত্রাসবাদীয়ে চলোৱা আক্রমণৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে ইছলামিষ্ট জেহাদী সংগঠনে আফ্রিকাৰ ছাহেল অঞ্চলত বিগত সময়ছোৱাত সংঘটিত কৰা সংঘর্ষৰ ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত অস্থিৰতা অব্যাহত আছে৷
ইফালে নাইজাৰত ইছলামিষ্ট জেহাদীৰ এই ভয়াৱহ আক্রমণৰ সময়তে ফ্রান্স চৰকাৰে দেশখনৰ দুজন সৈনিক মালিত নিহত হোৱা বুলি ঘোষণা কৰিছে৷ ফ্রান্সে এই তথ্য সদৰী কৰাৰ মাত্র কেইঘণ্টামান পিছতেই আল–কায়দাৰ সৈতে জড়িত জেহাদী সংগঠনে সদৰী কৰিছে যে মালিত তিনিটাকৈ পৃথক আক্রমণৰ ঘটনাত তিনিজন ফৰাচী সৈনিক নিহত হৈছে৷ পশ্চিম আফ্রিকা আৰু ইউৰোপীয় দেশৰ মিত্র বাহিনীয়ে ছাহেল অঞ্চলত ইছলামিষ্ট জেহাদীৰ বিৰুদ্ধে দীর্ঘদিন ধৰি চলাই আছে অভিযান৷ এই অভিযানকালত ফৰাচী বাহিনীৰ ওপৰত কেইবাটাও ইছলামিষ্ট গোটে আক্রমণ চলাইছে৷ অকল সংঘর্ষই নহয়, ডকাইতি তথা মানৱ সৰবৰাহৰ ঘটনাও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে সমগ্র অঞ্চলটোত৷