নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেনৰ বিজয়ক অগ্রাহ্য মাইক পেঞ্চৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক নেতা জ’ বাইডেনৰ বিজয়ক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা একাংশ ছিনেটৰৰ পদক্ষেপক আদৰণি জনাইছে উপ–ৰাষ্ট্রপতি মাইক পেঞ্চে৷ উল্লেখনীয় যে টেড ক্রুজৰ নেতৃত্বত ১১গৰাকী ছিনেটৰে নির্বাচনত প্রৱঞ্চনা হোৱাৰ অভিযোগ আনিছে৷ গতিকে বাইডেনক ৰাষ্ট্রপতি নির্বাচনত বিজয়ী ঘোষণা কৰা বিষয়টোক লৈ ক্ষোভ উজাৰি আছে এই ছিনেটৰসকলে৷ ছিনেটত বাইডেনৰ বিপক্ষে ভোটদানৰ বাবেও এই ছিনেটৰসকলে প্রচাৰ চলাই আছে৷ স্মর্তব্য যে ৬ জানুৱাৰীত গৰিষ্ঠসংখ্যক ছিনেটৰে বাইডেনক পৰৱর্তী ৰাষ্ট্রপতি হিচাপে ঘোষণা কৰি তেওঁৰ সপক্ষে ভোটদান কৰাৰ সম্ভাৱনা আছে৷ আগন্তুক ২০ জানুৱাৰীত ডেম’ক্রেটিক নেতাগৰাকীয়ে আনুষ্ঠানিকভাৱে আমেৰিকাৰ নতুন ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব৷ লক্ষণীয়ভাৱে ড’নাল্ড ট্রাম্পে ৩ নৱেম্বৰৰ নির্বাচনত বাইডেনৰ হাতত পৰাভূত হ’লেও তাক মানি ল’বলৈ অস্বীকাৰ কৰিছে৷

You might also like