নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক ক’ৰোনা আখ্যা অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ‘কংগ্রেছ ক’ৰোনা ভাইৰাছতকৈও ভয়ানক৷ কংগ্রেছে ভাইৰাছ খেদিবলৈ আজমলৰ জৰা পানী খাইছে৷’– এই কটাক্ষ অগপৰ সভাপতি অতুল বৰাৰ৷ টীয়কত আয়োজিত বিশাল ঐক্য সমাৰোহত অংশ লৈ অগপৰ সভাপতি অতুল বৰাই আক্রমণৰ লক্ষ্য কৰি লয় একেৰাহে তিনিবাৰকৈ শাসনৰ বাঘজৰী ধৰা কংগ্রেছক৷

ভাষণ প্রসংগত পূর্বতে অগপই কৰা ভুল–ভ্রান্তিৰ বাবে ৰাইজৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰি বর্তমান অগপৰ ভেটি সবল বুলি মন্তব্য কৰে৷ ইপিনে, কংগ্রেছৰ দিনত স্থবিৰ হৈ পৰা উন্নয়নৰ ধাৰা বর্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ বোৱাবলৈ সক্ষম হৈছে আৰু অগপ ইয়াৰ সহযাত্রী বুলিও মতপোষণ কৰে৷ আনহাতে, বিজেপিৰে মিত্রতাক পৰিহাৰ কৰি অগপৰ সাংগঠনিক স্থিতি কিমান সবল বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– যিহেতু অগপ আৰু বিজেপিৰ মিত্রতা অহা নির্বাচনলৈ অক্ষুণ্ণ থাকিব, সেয়ে সমূহীয়াভাৱে ক্ষমতা দখলৰ ৰণনীতি তৈয়াৰ কৰিছে৷

উক্ত সমাৰোহত অগপৰ কার্যকৰী সভাপতি তথা জলসম্পদ মন্ত্রী কেশৱ মহন্তই অংশ লৈ নতুনকৈ গঠন হোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিক আক্রমণৰ লক্ষ্য কৰি লয়৷ ছবছৰীয়া অসম আন্দোলনত ভূমিষ্ঠ হোৱা অগপইহে একমাত্র ৰাইজৰ পক্ষত থকা আঞ্চলিক শক্তি বুলি কৈ দুমাহ আন্দোলন কৰি ৰাজনৈতিক দল খুলি ৰাজ্যসভালৈ যোৱা অথবা জন্ম হৈ ভুৱা প্রতিশ্রুতি দিয়া দুমহীয়া ৰাজনৈতিক দলক ৰাইজে কেতিয়াও গুৰুত্ব প্রদান নকৰে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে ১০২নং টীয়ক বিধানসভা সমষ্টিত আজি একপ্রকাৰ ৰণশিঙা বজালে অগপই৷ দহ সহস্রাধিক জনতাক লৈ আয়োজন কৰা উক্ত ঐক্য সমাৰোহৰ জৰিয়তে প্রদর্শন কৰিলে অগপৰ সবল স্থিতি৷

একপ্রকাৰ অগপৰ আমবাৰী উবুৰি খাই পৰা টীয়ক সমষ্টিত আয়োজন কৰা আজিৰ ঐক্য সমাৰোহে বিশেষ তাৎপর্য বহন কৰিছে বুলি চর্চা চলিছে৷ কিয়নো মিত্রজোঁটৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়ক সমষ্টিত এইবাৰ বিজেপিয়ে এগৰাকী নিজা দলীয় প্রার্থী প্রক্ষেপৰ দাবী তুলি আহিছে বিজেপিৰ তৃণমূল নেতা–কর্মীয়ে৷সমান্তৰালভাৱে অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ নেতৃত্বত এক সবল দলীয় শক্তি তৈয়াৰ যে কৰিছে, সেয়া আজিৰ সমাৰোহে প্রমাণ কৰিলে৷ বিভিন্ন মহলত চলা চর্চা অনুসৰি, টীয়ক সমষ্টিৰ অগপ নেতৃত্বৰ লগতে দলীয় কর্মীয়ে অহা নির্বাচনত বিকাশ শইকীয়াক প্রার্থিত্ব প্রদানৰ সবল দাবী উত্থাপন কৰিছে৷

You might also like