ৰাষ্ট্রীয় ঘাইপথ নে মৰণফান্দ? ৫ বছৰত সম্পূর্ণ মাত্র ৫০ শতাংশ কাম
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ ঠিকাদাৰী প্রতিষ্ঠানৰ মইমতালিত ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথসমূহ মৰণফান্দত পৰিণত হৈছে৷ বছৰ বছৰ ধৰি পথৰ নির্মাণ চলিয়েই আছে অথচ সম্পূর্ণ হোৱাৰ কোনো উমঘাম নাই৷ পৰিণতিত উত্তৰ অসম, উজনি অসমলৈ যোৱা প্রতিগৰাকী যাত্রীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে৷ অতি লেহেমীয়া গতিত ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণ চলি থকাৰ আঁৰত আছে লুণ্ঠনৰ এক গোপন অভিসন্ধি৷ নির্মাণৰ সময় মাত্রাধিক দীঘলীয়া কৰি নির্মাণ ব্যয় বৃদ্ধি কৰি যোৱাটো ঠিকাদাৰী প্রতিষ্ঠানসমূহৰ পুৰণি কৌশল৷ একেই কৌশলেৰে অসমৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ দায়িত্ব লাভ কৰা প্রতিষ্ঠানসমূহেও ৰাজকোষৰ ধন শৰাধ কৰাৰ অঘোষিত প্রতিযোগিতাত নামি পৰিছে৷ তদুপৰি ৰাষ্ট্রীয় প্রকল্পসমূহৰ বাবে ঠিকাদাৰী প্রতিষ্ঠানে বিশেষ শিল–বালি মহলৰ আবণ্টনো লাভ কৰে৷ নির্মাণ সম্পূর্ণ হোৱাৰ লগে লগে তেওঁলোকে এই মহলসমূহৰ স্বত্ব এৰি দিব লাগে৷ যিমানেই দীঘলীয়া সময় শিল–বালিৰ মহল নিজৰ অধীনত ৰাখিব পাৰে, সিমান সময় ধৰি শিল–বালি অবৈধ উপায়েৰে মুকলি বজাৰত বিক্রী কৰি মুনাফা আর্জিব পাৰে৷ এয়াও অসমৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ শামুকীয়া গতিৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে৷ তাৰ মাজতে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে বিগত বর্ষৰ ২৫ ডিচেম্বৰত ৰাজ্যত কেইবাটাও নতুন পথ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ ভিতৰত প্রায় এহেজাৰ কোটি টকা ব্যয়সাপেক্ষ চাৰিলেনযুক্ত কেইবাটাও ৰাষ্ট্রীয় ঘাইপথ প্রকল্পও আছে৷ শিলচৰত আয়োজিত আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোৱে নীতিন গাডকাৰিৰ পূর্বৰ কেইবাটাও অনুষ্ঠানলৈ মনত পেলাই দিয়ে৷ ২০১৬ চনৰ ২৭ ফেব্রুৱাৰীত নীতিন গাডকাৰিয়ে ৰাজ্যত আন কেইবাটাও ৰাষ্ট্রীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিছিল৷
উক্ত পথ প্রকল্পৰ ভিতৰত আছিল নগাঁও বাইপাছৰ পৰা ৰঙাপৰা, ৰঙাপৰাৰ পৰা কলিয়াবৰ তিনিআলি, ডিমৌৰ পৰা মৰাণ বাইপাছ আৰু মৰাণ বাইপাছৰ পৰা বগীবিল সংযোগী পথ৷ প্রায় ১,২০০ কোটি ব্যয়সাপেক্ষ এই পথসমূহৰ নির্মাণৰ অগ্রগতি দেখিলে সকলোৰে চকু কপালত উঠিব৷ আধাৰশিলা স্থাপনৰ প্রায় ৫ বছৰ সম্পূর্ণ হ’বৰ হ’ল যদিও আজিলৈ উক্ত পথসমূহৰ ৫০ শতাংশও নির্মাণ সম্পূর্ণ হোৱা নাই৷ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ শামুকীয়া গতিয়ে এতিয়া উজনি–উত্তৰ অসমলৈ অহা–যোৱা কৰা সকলো যাত্রীক যমৰ যাতনা ভোগাইছে৷ উল্লেখ্য যে নগাঁও বাইপাছৰ পৰা তেলিগাঁও আৰু তেলিগাঁৱৰ পৰা ৰঙাপৰালৈ পথছোৱাৰ মুঠ দৈর্ঘ্য আছিল ১৮.৪ কিলোমিটাৰ৷ নির্মাণ ব্যয় ধার্য কৰা হৈছিল ১৭১.৫৩ কোটি৷ ২০২১ চনৰ ডিচেম্বৰ মাহত নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্যৰে পিআৰএল প্রজেক্টছ এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেড আৰু গংগা সাগৰ সিঙক পথ নির্মাণৰ ঠিকা প্রদান কৰা হয়৷ কিন্তু লক্ষণীয় কথাটো হ’ল এই পথটোৰ নির্মাণ আজিলৈ আৰম্ভই হোৱা নাই৷ এনে পৰিস্থিতিত নির্ধাৰিত সময়ত পথটোৰ নির্মাণ সম্পূর্ণ নোহোৱাটো নিশ্চিত হৈ পৰিছে৷ একেদৰে কলিয়াবৰ তিনিআলিৰ পৰা ৰঙাপৰা পর্যন্ত মুঠ ১৮.৩১৫ কিলোমিটাৰ দৈর্ঘ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণৰ ঠিকা প্রদান কৰা হৈছিল মেচার্ছ ছিমপ্লেক্স ইনফ্রাষ্ট্রাকচাৰক৷ ২৮৯.৯৯ কোটি ব্যয়সাপেক্ষ পথটোৰ নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল ২০২০ চনৰ ২১ এপ্রিল৷ সময়সীমা উকলি যোৱাৰ ৮ মাহ হ’ল, কলিয়াবৰ–ৰঙাপৰা পথৰ নির্মাণ মাত্র ২৪.৬৪ শতাংশহে সম্পূর্ণ হৈছে৷ ২০১৬ চনত নীতিন গাডকাৰিয়ে আধাৰশিলা স্থাপন কৰা আন এটা প্রকল্প আছিল ডিমৌ আৰু মৰাণ বাইপাছ সংযোগী পথ৷ পথছোৱাৰ দৈর্ঘ্য ২৬.৯ কিলোমিটাৰ আৰু নির্মাণ ব্যয় ৩৮৫.৫৭ কোটি৷ ২০২১ চনৰ মার্চ মাহত ডিমৌ–মৰাণ বাইপাছ পথৰ নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল যদিও এতিয়ালৈ মাত্র ৫১.২২ শতাংশহে নির্মাণ সম্পূর্ণ হৈছে৷ একেদৰে মৰাণ বাইপাছৰ পৰা বগীবিললৈ ১৯ কিলোমিটাৰ দৈর্ঘ্যৰ পথটোৰ নির্মাণৰ ঠিকা লাভ কৰিছিল মনোৰঞ্জন ব্রহ্মই৷ ৩৩০ কোটি ব্যয়সাপেক্ষ পথটোৰ নির্মাণ আজিৰ দিনটোত মাত্র ২৯.৮৭ শতাংশ সম্পূর্ণ হৈছে৷ এয়া হৈছে ২০১৬ চনৰ অসম বিধানসভা নির্বাচনৰ পূর্বে নীতিন গাডকাৰিয়ে আধাৰশিলা স্থাপন কৰা পথসমূহৰ নির্মাণৰ প্রকৃত গতি৷ নির্মাণকাৰী সংস্থাৰ শামুকীয়া গতিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থা মৰণফান্দ সদৃশ হৈ পৰিছে৷ এয়া হৈছে নীতিন গাডকাৰিয়ে আধাৰশিলা স্থাপন কৰা পথ প্রকল্পৰ নমুনা৷ ইয়াৰ বাহিৰেও দোলাবাৰী–জামুগুৰি সংযোগী ১৬.৮৬ কিলোমিটাৰ দৈর্ঘ্যৰ ২৭৩ কোটি ব্যয়সাপেক্ষ পথছোৱাৰ নির্মাণ ৪১.৮৯ শতাংশ, জামুগুৰি–বিশ্বনাথ চাৰিআলি সংযোগী ২৬ কিলোমিটাৰ দৈর্ঘ্যৰ ৩০৩ কোটি ব্যয়সাপেক্ষ পথছোৱাৰ নির্মাণ ৩৬.৪০ শতাংশ, বিশ্বনাথ চাৰিআলি–গহপুৰ সংযোগী ৫৭.৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৮২৯ কোটি ব্যয়সাপেক্ষ পথছোৱাৰ নির্মাণ ৪২.৮০ শতাংশহে সম্পূর্ণ হৈছে৷
আনহাতে, নুমলীগড়ৰ পৰা যোৰহাটলৈ ৩৯.৭২ কিলোমিটাৰ দৈর্ঘ্যৰ পথৰ নির্মাণ ২০২০ৰ মে’ মাহতে সম্পূর্ণ হোৱাৰ কথা আছিল৷ ঠিকাদাৰী প্রতিষ্ঠান হিন্দুস্তানী কনষ্ট্রাকচনে ইয়াৰ বাবে ২০১৫ চনতে প্রয়োজনীয় ঠিকা লাভ কৰিছিল৷ নির্মাণ ব্যয় ধার্য কৰা হৈছিল ৮১৪.৫৬ কোটি টকা৷ কিন্তু বর্তমান সময়ত পথটোৰ নির্মাণ ৪৯.৬৯ শতাংশহে সম্পূর্ণ হৈছে৷ যোৰহাটৰ পৰা জাঁজীলৈ নির্মাণ চলি থকা পথটোৰ দৈর্ঘ্য হ’ল ৩৭.৮ কিলোমিটাৰ৷ নির্মাণ ব্যয় ধার্য কৰা হৈছে ৭৩৮.১৫ কিলোমিটাৰ৷ গেনন ডুনকাৰলে নামৰ কোম্পানীটোৱে এতিয়ালৈ ১১.৩৬ কিলোমিটাৰ পথৰহে নির্মাণ সম্পূর্ণ কৰিছে, অথচ ২০২০ৰ ডিচেম্বৰত সমগ্র পথটো সম্পূর্ণ হৈ উঠাৰ কথা আছিল৷ একেদৰে জাঁজীৰ পৰা ডিমৌলৈ ৪৪ কিলোমিটাৰ দৈর্ঘ্যৰ পথটোৰ নির্মাণ ২০২১ চনৰ জানুৱাৰীত সম্পূর্ণ হোৱাৰ কথা আছিল৷ ৮০১ কোটি ব্যয়সাপেক্ষ পথছোৱাৰ নির্মাণ এতিয়ালৈ মাত্র ২২.২৪ শতাংশহে সম্পূর্ণ হৈছে৷ এয়া মাত্র কেইটামান ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ শামুকীয়া গতিৰ নমুনাহে৷ সকলো প্রকল্পতে একেই স্থবিৰতা বিৰাজ কৰিছে৷ ভূমি অধিগ্রহণক লেহেমীয়া গতিৰ অজুহাত হিচাপে দেখুওৱা হয় যদিও অধিগৃহীত ভূমিৰ ক্ষতিপূৰণৰ নামত চলি থকা বিয়াগোম কেলেংকাৰিহে অসমৰ পথ যোগাযোগৰ দুৰৱস্থাৰ মূল কাৰণ হিচাপে চিহ্ণিত হৈছে৷ অনুৰূপ ধৰণে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে আধাৰশিলা স্থাপন কৰা যোৰহাট–মাজুলী দলঙৰ খুঁটা এটা নির্মাণ হোৱাও যোৱা সময়ছোৱাত দেখা নগ’ল৷ আৰম্ভ নহ’ল ভাৰতমালা আঁচনিৰ অধীনৰ এটাও প্রকল্প৷ এনে পৰিস্থিতিত যোৱা ২৫ ডিচেম্বৰত নীতিন গাডকাৰিয়ে আধাৰশিলা স্থাপন কৰা নতুন পথ প্রকল্পৰ নির্মাণ কেতিয়ালৈ সম্পূর্ণ হয়, সেয়া স্বাভাৱিকতে অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ কিয়নো পথ নির্মাণৰ গাফিলতিৰ আঁৰত আছে প্রতিটো ঠিকাদাৰী প্রতিষ্ঠানৰ লুণ্ঠনৰ অংক৷