নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ঘাতক ক’ৰোনা ভাইৰাছক লৈ চীনৰ ষড়যন্ত্র ফাদিল হোৱাৰ দিশে৷ চীনৰ গৱেষণাগাৰৰ পৰাই ঘাতক ন’ভেল কৰোনা ভাইৰাছ বিশ্বজুৰি সম্প্রসাৰিত হোৱা বুলি চর্চিত বিষয়টো সত্য প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ দেশখনৰ ৱুহান প্রদেশত প্রাদুর্ভাৱ ঘটা ক’ৰোনা ভাইৰাছৰ গভীৰ বিষয়টোক লৈ অনুসন্ধানৰ বাবে উপস্থিত হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ দলক ৱুহানত প্রৱেশত বাধা প্রদান কৰিছে চৰকাৰখনে৷ বিশ্ব স্বাস্থ্য সংস্থাক অনুসন্ধানৰ বাবে ৱুহান প্রদেশলৈ আমন্ত্রণ জনোৱা চীনে নিজৰ স্থিতি সলনি কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ দলক ৱুহানত প্রৱেশত বাধা প্রদান কৰাই ঘাতক ভাইৰাছটোক লৈ চীনৰ ষড়যন্ত্র প্রকট হৈ পৰিছে৷ অনুসন্ধানৰ বাবে ৱুহানত ‘হু’ৰ দলক বাধা প্রদান কৰাক লৈ গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে হুৰ মুৰব্বী টেড্রছ আধানম গ্রেব্রেয়েছাছে৷ ঘাতক ভাইৰাছটো প্রকৃত তথ্য অনুসন্ধানৰ বাবে ৱুহানত প্রৱেশ কৰিব খোজা হুৰ দলটোক বেইজিং প্রশাসনে অনুমতি দিয়া নাই বুলি প্রকাশ কৰিছে হুৰ মুৰব্বী গ্রেব্রেয়েছাছে৷ জেনেভাত যোৱানিশা এখন সংবাদ মেলত হুৰ মুৰব্বীগৰাকীয়ে কয় যে ৱুহানত অনুসন্ধানকাৰী দলক প্রৱেশ কৰিব নিদিয়াটো অতি অসন্তুষ্টিজনক৷ তেওঁ চীনৰ শীর্ষ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও এইক্ষেত্রত বিশেষ সঁহাৰি লাভ কৰা নাই৷
উল্লেখ্য যে হুৰ মুৰব্বীগৰাকীয়ে সংবাদ মেলত এই কথাও স্পষ্ট কৰি কয় যে ৰাষ্ট্রসংঘৰ দলটোৰ দুজন বিজ্ঞানী ইতিমধ্যে ৱুহানত প্রৱেশৰ অনুমতি নাপাই ঘৰলৈ উভতি আহিছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ২০২০ চনৰ মে’ মাহত বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ক’ভিড–১৯ সন্দর্ভত স্বতন্ত্র তদন্তৰ বাবে এশতকৈ অধিক দেশৰ স্বাক্ষৰত এক প্রস্তাৱ প্রস্তুত কৰিছিল৷ এই প্রস্তাৱ অনুসৰি হুৰ বিশেষজ্ঞ দলে ৱুহানত ক’ৰোনা ভাইৰাছ সন্দর্ভত অনুসন্ধান চলাব৷ সেই সময়ত চীনে হুৰ এই প্রস্তাৱত পূর্ণ সন্মতি জনাইছিল৷ কিন্তু হুৰ দলটো চীনত প্রৱেশ কৰাৰ পাছতেই দেশখনে নিজৰ স্থিতি সলালে৷ ইয়াকে লৈ প্রাকৃতিকভাৱে ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটাৰ বিপৰীতে চীনৰ ৱুহান প্রদেশৰ গৱেষণাগাৰৰ পৰা সংক্রমিত হোৱাৰ সন্দেহ ঘনীভূত হোৱাই নহয়, চীনৰ ষড়যন্ত্র বুলি পুনৰ চর্চাৰ মাজলৈ আহিছে৷ উল্লেখ্য যে ২০১৯ বর্ষৰ ডিচেম্বৰ মাহত ৱুহানত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত প্রথমজন লোক চিনাক্ত হোৱাৰ পাছত এই ভাইৰাছটোৱে বিশ্বৰ ২০০খন দেশলৈ বিয়পি পৰে৷ সমগ্র বিশ্বক এই ভাইৰাছে স্তব্ধ কৰি তোলাৰ লগতে ১.৭ নিযুত লোকৰ প্রাণ কাঢ়ি নিয়ে৷
নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ
৪১ দেশলৈ সম্প্রসাৰিত, উদ্বিগ্ণ ‘হু’
ক’ভিড–১৯ৰ শংকা মাৰ নৌযাওঁতেই পুনৰ নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱে উদ্বিগ্র কৰি তুলিছে বিশ্ব স্বাস্থ্য সংস্থাক৷ গ্রেট ব্রিটেইনত নতুন প্রজাতিৰ ক’ৰোনা ভাইৰাছৰ সংক্রমণ বর্ধিত হোৱাৰ পাছতে এই ভাইৰাছটো সম্প্রতি বিশ্বৰ ৪১খন দেশলৈ বিয়পি পৰিছে৷ ‘হু’ৰ বিবৃতিত প্রকাশ পোৱা মতে, ২০২১ৰ ৫ জানুৱাৰীৰ তথ্য অনুসৰি গ্রেট ব্রিটেইনত চিনাক্ত হোৱা নতুন ক’ৰোনা ভি অ’ চি–২০২০১২/০১ প্রকাৰৰ ক’ৰোনা সম্প্রতি ৪১খন দেশলৈ বিয়পি পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ৬টা অঞ্চলৰ ভিতৰত ৫টাতেই এই ভাইৰাছটো বিয়পি পৰিছে৷ উল্লেখ্য যে ২০২০ চনৰ ১৪ ডিচেম্বৰত ৰূপান্তৰিত তথা নতুন ক’ৰোনা ভাইৰাছ চিনাক্ত হোৱা বুলি গ্রেট ব্রিটেইনে ঘোষণা কৰে৷ এই ভাইৰাছটোৰ সংক্রমণ ক্ষমতা ক’ভিড–১৯তকৈ ৭০ শতাংশ বেছি৷ এই ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত গ্রেট ব্রিটেইনত নতুন ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰিছে৷