নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতাৰ প্রভাৱঃ শীতৰ আমেজ লোৱাৰ পৰা বঞ্চিত মহানগৰবাসী

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ইংৰাজী নৱবর্ষৰ পাঁচটা দিন অতিক্রম কৰিছে যদিও ৰাজ্যখনৰ ভিন্ন প্রান্তৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীৰ নাগৰিকে অদ্যাপি অনুভৱ কৰিব পৰা নাই শীতৰ মধুৰ আমেজ৷ বিগত কিছুবছৰ আগলৈকে নৱেম্বৰ–ডিচেম্বৰ মাহৰ শেষ ভাগৰ পৰাই গুৱাহাটী মহানগৰীত শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ লগতে কুঁৱলীৰ আচ্ছাদনে আকাশ ঢ়াকি ৰাখিছিল যদিও সম্প্রতি পুহ মাহটোৱে মেলানি মাগিবলৈ মাজতে আৰু মাত্র দহটা দিন বাকী থকা অৱস্থাতো জাৰৰ মাদকতা লাভৰ পৰা একপ্রকাৰ বঞ্চিত হ’বলগীয়া হৈছে জনসাধাৰণ৷ পূর্বৰ পুহ মাহৰ জাৰৰ মিঠা আমেজ যেন বর্তমান ক’ৰবাত হেৰাই যোৱা বুলি ক’লেও নিশ্চয় অটূক্তি কৰা নহ’ব৷

তাৎপর্যপূর্ণ এই যে পুহ মাহৰ আজি ২১টা দিনে অতিক্রম কৰাৰ পিছতো গুৱাহাটী মহানগৰীৰ পৰা অদ্যাপি পুৱাৰ ভাগত গৰমৰ প্রৱাহ আঁতৰি যোৱা নাই৷ অৱশ্যে নিশাৰ ভাগত কিছু শীতৰ মাদকতাই এক মধুৰ আমেজ বোৱাই আনিছে যদিও সেয়া অতিমাত্রা নহয়৷ দিনৰ ভাগত গুৱাহাটী মহানগৰীৰ অধিকাংশ নাগৰিকে এতিয়াও গৰম কাপোৰ পৰিধান নকৰাকৈয়ে চলাচল কৰি থকা পৰিলক্ষিত হৈছে৷ এই সন্দর্ভত মহানগৰীৰ বাৰঝাৰস্থিত আঞ্চলিকবতৰ বিজ্ঞান কেন্দ্রৰ এক সূত্রই জানিবলৈ দিয়া মতে, গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি বৃষ্টিপাত নোহোৱাৰ বাবেই তাপমাত্রাৰ বিশেষ পৰিৱর্তন হোৱা নাই৷ আনহাতে গুৱাহাটী মহানগৰীত যিহেতু আন ঠাইৰ তুলনাত গছ–গছনিৰ সংখ্যা যথেষ্ট কম, তেনেক্ষেত্রত কুঁৱলীৰ সৃষ্টি হোৱাত প্রত্যাহ্বান আহি পৰিছে৷ অৱশ্যে নিশাৰ ভাগত তাপমাত্রা হ্রাস পোৱাত কেতবোৰ অঞ্চলত পানীৰ কণিকা সৃষ্টি হয় যদিও দিনৰ ভাগত সূর্যৰ প্রখৰ ৰ’দত পানীৰ কণিকাবোৰ শুকাই যোৱাৰ লগে লগে ঠাণ্ডাৰ প্রকোপো নোহোৱা হৈ পৰিছে৷ যাৰ বাবে ডাঠ কুঁৱলীৰ আচ্ছাদনত বন্দী হোৱা নাই গুৱাহাটী মহানগৰবাসী৷

ইপিনে বিগত ডিচেম্বৰ মাহৰ ২১ তাৰিখৰ পিছৰ পৰা সূর্যৰ কিৰণ যিহেতু মকৰক্রান্তিত অৱস্থান কৰি আছে, তেনেক্ষেত্রত শীতৰ কিছু মাদকতা অনুভৱ হৈছে যদিও গ্ল’বেল ৱার্মিঙৰ বাবে গুৱাহাটী মহানগৰীলৈ জাৰৰ জঠৰতা বহু পলমকৈ আহিছে৷ ইপিনে বৰষুণৰ পৰিমাণ কমি যোৱাৰ বাবে ভূগর্ভস্থ পানীৰ তৰপো কমি গৈছে৷ যেতিয়ালৈকে গুৱাহাটী মহানগৰীত তাপমাত্রা হ্রাস নাপায় কিম্বাবৃষ্টিপাত নহয়, তেতিয়ালৈকে শীতৰ মধুৰ আমেজ লৈ অন্তহীন প্রতীক্ষা কৰিব লাগিব মহানগৰবাসীয়ে৷ তদুপৰি বহু দিন ধৰি বৰষুণ নহাৰ ফলত গুৱাহাটী মহানগৰীৰ প্রাকৃতিক পৰিৱেশ ধূলিময় হৈ পৰিছে৷ শুকান পৰিৱেশে মহানগৰবাসীৰ প্রাত্যহিক জীৱনত আউল লগাইছে যদিও শীতৰ মাদকতাৰ আমেজ ল’বলৈ এক অন্তহীন প্রতীক্ষাত ব্যাকুল হৈ পৰিছে মহানগৰবাসী৷

You might also like