নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোৱাপাটীতে জীৱন্তে অগ্নিদগ্ধ হৈ অশীতিপৰ বৃদ্ধাৰ মৃত্যু

মহানগৰীৰ খাৰঘুলিত কৰুণ ঘটনা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ বুধবাৰে পুৱাই সংঘটিত এক হূদয়বিদাৰক ঘটনাই শোকাচ্ছন্ন কৰি তুলিলে গুৱাহাটীৰ খাৰঘুলি অঞ্চল৷ নিজৰ ঘৰৰ বন্ধ কোঠাৰ শোৱাপাটীতে জীৱন্তে অগ্ণিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে এগৰাকী নিসংগ ৮৭ বছৰীয়া বৃদ্ধাই৷ বুধবাৰে পুৱা প্রায় ৭.৪৫ বজাত খাৰঘুলিৰ হাতীশিলা গণেশ মন্দিৰৰ কাষত সংঘটিত এই মর্মান্তিক ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, তিনি সন্তানৰ মাতৃ ধনমায়া বিশ্বকর্মাই খাৰঘুলিৰ হাতীশিলা গণেশ মন্দিৰৰ সমীপত বহু বছৰ ধৰি অকলশৰে বসবাস কৰিছিল৷ পুত্র আৰু কন্যাসহ এখন ভৰা সংসাৰ থকাৰ পাছতো অকলশৰে বসবাস কৰিব লগা হোৱা ধনমায়া বিশ্বকর্মা নামৰ মহিলাগৰাকীৰ বাসগৃহত বুধবাৰে পুৱা প্রায় ৭.৪৫ বজাত স্থানীয় ৰাইজে জুই আৰু ধোঁৱা প্রত্যক্ষ কৰে৷ ইয়াৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতি সৃষ্টি হয়৷

স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে অগ্ণিনির্বাপক বাহিনীক অৱগত কৰে৷ কিন্তু জুইৰ লেলিহান শিখাই ঘৰটো আগুৰি ধৰাত জীৱন্তে অগ্ণিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় ধনমায়া নামৰ বৃদ্ধাগৰাকীয়ে৷ অগ্ণিনির্বাপক বাহিনীৰ দুখনকৈ গাড়ীৰে জুই নির্বাপিত কৰে যদিও বৃদ্ধাগৰাকীৰ মাংসপিণ্ডহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লতাশিল আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ অৱশিষ্ট মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷ এই অগ্ণিকাণ্ডত বৃদ্ধাগৰাকী থকা বাসগৃহটো সম্পূর্ণৰূপে ভস্মীভূত হয়৷ কেৰাচিনৰ চাকিৰ পৰাই এই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি প্রাথমিক তদন্তৰ অন্তত সন্দেহ প্রকাশ কৰিছে অগ্ণিনির্বাপক বাহিনীয়ে৷ অগ্ণিকাণ্ডত জীৱন্তে অগ্ণিদগ্ধ হোৱা বৃদ্ধাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

You might also like