নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ দেশত বার্ড ফ্লু এতিয়া বন্যপক্ষীৰ পৰা পোহনীয়া পক্ষীলৈ সংক্রমিত হৈছে৷ মহাৰাষ্ট্র, হিমাচল প্রদেশ, কেৰালা আদি কেইবাখনো ৰাজ্যত কুকুৰা চৰাইৰ ফার্মবোৰলৈ সংক্রমণ ঘটিছে বার্ড ফ্লুৰ৷ এতিয়ালৈকে এই পক্ষীজ্বৰৰ উপস্থিতি মানুহৰ দেহত ধৰা পৰা নাই যদিও ইখনৰ পিছত সিখন ৰাজ্যলৈ বার্ড ফ্লু বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰবোৰ৷
শেহতীয়াকৈ মহাৰাষ্ট্রৰ পাৰভানি জিলাৰ এখন কুকুৰা ফার্মত ৯০০ পক্ষীৰ বার্ড ফ্লুত মৃত্যু হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে কঠোৰ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিছে৷ জিলা প্রশাসনে মুৰুম্বা গাঁৱত কেইবাহাজাৰো কুকুৰা চৰাই নিধন কৰাৰ সিদ্ধান্ত লৈছে এই ঘটনাৰ পিছতে৷ ইফালে, নতুনকৈ বিভিন্ন ৰাজ্যলৈ বার্ড ফ্লুৰ সংক্রমণ ঘটাৰ তথ্য পোহৰলৈ আহিছে৷