বাত বিষৰ এটি লক্ষণ হ’ল ছালৰ বিভিন্ন অংশত প্রথমে ৰঙা পৰি উঠে আৰু পাছত তাত সৰু সৰু গোটা বান্ধে৷ এনে গোটাবোৰ সাধাৰণতে হাতৰ পিছফালে, কিলাকুটিৰ ওচৰত আৰু ভৰিৰ খাৰগাঁঠিৰ ওপৰ অংশত হ’ব পাৰে৷
ৰক্তাল্পতা বাত বিষৰ অন্যতম লক্ষণ৷ শৰীৰত হৈ থকা দীর্ঘদিনীয়া সংক্রমণেই ইয়াৰ কাৰণ৷ এই ৰক্তাল্পতাৰ বিশেষত্ব হ’ল ই মুখেৰে খাবলৈ দিয়া আইৰন ট’নিকৰ দ্বাৰা নিৰাময় নহয়৷ কাৰণ এই ৰোগত মুখেৰে দিয়া আইৰন অন্ত্রৰ পৰা তেজে শুহি ল’ব নোৱাৰে৷ সেয়েহে এইক্ষেত্রত আইৰন বেজীহে আৱশ্যক৷
হূদপিণ্ড আৰু হাঁওফাঁও আক্রান্ত হোৱা ৰোগীয়ে বুকুৰ বিষ অনুভৱ কৰিব পাৰে৷ বহুতে আকৌ হার্ট এটেকতো ভুগিব পাৰে৷
ইয়াৰ উপৰি সাধাৰণ জ্বৰ, গা বেয়া লাগি থকা, ভাগৰ লগা, ভোক নলগা আৰু খীণাই যোৱা আদি বাত বিষৰ আন কিছুমান এৰাব নোৱাৰা লক্ষণ৷
ৰোগ নির্ণয়ৰ উপায়ঃ
এক্স–ৰেঃ প্রথম অৱস্থাত এক্স–ৰেত হাড়ৰ বিশেষ পৰিৱর্তন ধৰা নপৰে৷ কিন্তু দিন যোৱাৰ লগে লগে হাড়ত হোৱা পৰিৱর্তন লক্ষণীয় হয়৷ গাঁঠিৰ মাজৰ খালী ঠাই নোহোৱা হয় আৰু লাহে লাহে হাড়ৰ ক্ষয় ধৰা পৰে৷
এম আৰ আইঃ মেগনেটিক ৰিজ’নেন্স ইমেজিঙৰ দ্বাৰা হাড়ৰ ক্ষয় যোৱা অংশসমূহ অতি সোনকালে ধৰিব পৰা হয়৷
আলট্রাছ’ন’গ্রাফীঃইয়াৰ দ্বাৰাও হাড়ত হোৱা পৰিৱর্তন সহজে ধৰিব পৰা হয়৷
তেজ পৰীক্ষাঃ তেজত হিম’গ্লবিন সকলো বাত বিষ ৰোগীৰে কম থাকে৷ পিছে তেজত এই ৰোগৰ বিৰুদ্ধে সৃষ্টি হোৱা এণ্টিব’ডী ৰিউমেটইড ফেক্টৰ থাকিলে এই ৰোগ থকাটো নিশ্চিত হয়৷ অৱশ্যে শতকৰা পোন্ধৰভাগ ৰোগীৰ আকৌ ৰিউমেটইড ফেক্টৰ নাপাবও পাৰে৷ তেনে ৰোগী চেৰোনিগেটিভ আর্থ্রাইটিছত ভোগা বুলি কোৱা হয়৷ আজিকালি অৱশ্যে আন আন বহুতো নতুন আৰু বেছি ফলপ্রসূ চেৰোলজিকেল পৰীক্ষা কৰি বাত বিষ সোনকালে ধৰিব পৰা হৈছেগৈ৷
চিকিৎসা পদ্ধতিঃ এইটো জানিবলগীয়া কথা যে বাত বিষ সম্পূর্ণৰূপে নিৰাময় কৰাটো একপ্রকাৰ অসম্ভৱ৷ সেয়েহে সকলো ধৰণৰ চিকিৎসাৰ লক্ষ্য হ’ল ৰোগ নিয়ন্ত্রণ কৰা আৰু ৰোগীক এই সন্মানজনক জীৱন যাপনৰ সুযোগ দিয়া৷ প্রথমৰে পৰা উপযুক্ত চিকিৎসা দিব পাৰিলে বাত বিষ ৰোগ নিয়ন্ত্রণত ৰখাটো সম্ভৱ৷
চিকিৎসাৰ লক্ষ্য হ’ল ৰোগৰ বিষ উপশম কৰা, গাঁঠিৰ ক্ষয় ৰোধ কৰি বিকৃতি নোহোৱা কৰা আৰু ৰোগীয়ে যাতে দৈনন্দিন জীৱন যাপনত কোনো অসুবিধা নাপায় তাৰ ব্যৱস্থা কৰা৷
ঔষধ প্রয়োগঃ বিষ উপশম কৰিবলৈ নানা ধৰণৰ বিষ উপশমকাৰী ঔষধ, যেনে–Ibuprufan, Nimesulide, Diclofenic Sodium আদি প্রয়োগ কৰা হয়৷ এইবোৰ ঔষধে কেৱল বিষ উপশম কৰে আৰু গাঁঠিৰ জঠৰতা কিছু পৰিমাণে কমায়৷ তদুপৰি ৰোগৰ ধৰণৰ পৰিৱর্তন কৰিবলৈ কিছুমান বিশেষ ঔষধো প্রয়োগ কৰাটো অতি আৱশ্যকীয়৷ উদাহৰণস্বৰূপে,Methotrexate, Sulfasalazine, Leflunomideৰ কথাকে ক’ব পাৰি৷ কিন্তু এইবোৰ ঔষধ যিহেতু পার্শ্বক্রিয়াৰ পৰা মুক্ত নহয়, চিকিৎসকৰ পৰামর্শক্রমেহে এইবোৰ সেৱন কৰা উচিত৷ তদুপৰি সেৱন কৰি থকা সময়ত তেজ পৰীক্ষা কৰি যকৃত, বৃক্ক আদিৰ কার্যৰ যাতে কোনো হীন–ডেঢ়ি নহয়, তাৰ প্রতি কঢ়া নজৰ ৰখা উচিত৷
গাঁঠিৰ ভিতৰত কর্টিচন বেজীঃ ওপৰত উল্লেখ কৰা ঔষধেৰে বিষ উপশম নহ’লে নানা ধৰণৰ কর্টিচন টেবলেট কিছু দিনলৈ ব্যৱহাৰ কৰিব পাৰি৷ অথবা গাঁঠিৰ ভিতৰত কর্টিচন বেজীও দিব পাৰি৷ ই অসহ্য বিষৰ পৰা ৰোগীক সকাহ দিয়ে৷ পিছে এনে দৰব সৰহ দিনৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়৷
অস্ত্রোপচাৰঃ যদি মাত্র এটা ডাঙৰ গাঁঠি আক্রান্ত হয় আৰু ঔষধ প্রয়োগ কৰাৰ পাছত বা বেজীৰ দ্বাৰা বিষ উপশম নহয়, তেতিয়াহ’লে অস্ত্রোপচাৰ কৰি চিকিৎসা কৰা সম্ভৱ৷ আজিকালি সৰু ফুটা কৰি আৰথ্রোস্কোপ নামৰ যন্ত্র সুমুৱাই দি ৰোগাক্রান্ত গাঁঠিৰ ঢ়াকনিখন কাটি উলিয়াই দিয়ে৷ এনে কৰিলে ৰোগ গাঁঠিৰ হাড়লৈ বিয়পিব নোৱাৰে আৰু ৰোগ স্তিমিত হয়৷
পিছে ৰোগ যদি ইতিমধ্যে বহুখিনি বিয়পি গৈছে আৰু গাঁঠিৰ হাড় সম্পূর্ণৰূপে নষ্ট কৰি পেলাইছে, তেতিয়াহ’লে গোটেই গাঁঠিটো কাটি পেলাই ধাতুৰে তৈয়াৰী গাঁঠি স্থানান্তৰ কৰাই একমাত্র উপায়৷
বিকল্প চিকিৎসাঃ একোতে বিষ উপশম নোহোৱা আৰু লাহে লাহে পংগুত্বৰ ফালে গতি কৰা ৰোগীৰ ক্ষেত্রত বহুতো বিকল্প চিকিৎসা পদ্ধতিৰ প্রয়োগ কৰা হৈছে৷ তাৰে কিছুমান বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি বাত বিষ সম্পূর্ণ নিৰাময় কৰিব নোৱাৰিলেও ৰোগৰ গতি ৰোধ কৰিব পৰা ক্ষমতা থকা বুলি প্রমাণিত হৈছে৷ এইবোৰৰ ভিতৰত একুপাংচাৰ, মৌ–মাখিৰ বিষৰ দ্বাৰা একুপাংচাৰ, কিছুমান উদ্ভিদজাত ঔষধ,Pulse Electromegnetic Therapy আৰুOnega 3 Fatty Acid যুক্ত আহাৰ আদিয়েই প্রধান৷ উদ্ভিদজাত ঔষধৰ প্রয়োগৰ ক্ষেত্রত ৰোগী অতি সাৱধান হোৱা আৱশ্যক, কিয়নো বহুতো এনে ভালদৰে পৰীক্ষা নকৰা ঔষধ সেৱনৰ ফলত যকৃত সম্পূর্ণৰূপে নষ্ট হোৱাৰ উদাহৰণ আছে৷
যোগ আৰু প্রাণায়ামঃ নিয়ন্ত্রিত হাৰত কৰা যোগাসন আৰু প্রাণায়ামে বাত বিষৰ ক্ষেত্রত যথেষ্ট সুফল দিয়াৰ উদাহৰণ পোৱা যায়৷ যোগাসনত কৰা গাঁঠিৰ ব্যায়ামে গাঁঠিবোৰ সুচল আৰু কর্মক্ষম হোৱাত সহায় কৰে৷ প্রাণায়ামৰ যোগেদি শৰীৰৰ কোষসমূহলৈ অক্সিজেনৰ যোগান বৃদ্ধি কৰি প্রতিটো কোষৰে সবলতা আনি দিয়ে আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷