নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত বাসগৃহত মেজি জ্বলাই অগ্নিক সেৱা কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ  বিহুৰ দিনা পুৱাই ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত বাসগৃহত মেজি জ্বলাই অগ্নি সেৱা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশ-দহৰ কুশল কামনাৰে প্ৰাৰ্থনা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীক জনালে বিহুৰ ওগ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক উদ্দ্যেশ্য কৰি কয় যে আত্মীয়তা, বন্ধুত্ব আৰু সমন্বয়ৰ উমেৰে ভোগালী বিহুৱে সকলোৰে মাজত সঞ্চাৰ কৰিছে অনাবিল আনন্দ। বাপতিসাহোন বিহুটিৰ ঐতিহ্য, পৰম্পৰা উদযাপন কৰি ডিব্ৰুগড়ৰ বাসগৃহত সতীৰ্থসকলৰ সৈতে মেজিত অগ্নি সংযোগ কৰিলোঁ। মেজিৰ অগ্নিশিখাই সকলো অপায়-অমংগল নাশ কৰি সমাজলৈ কঢ়িয়াই আনক নতুন আশা, উদ্যম, সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।

You might also like