নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ল ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ যোৱা ১১ ডিচেম্বৰৰ পৰা ৰাজ্যত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা আজি পুৱা ৯ বজাৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে ৷

ব্রডবেণ্ড ইণ্টাৰনেট সেৱা ইতিমধ্যে মুকলি কৰাৰ পাছত আজিৰে পৰা ম’বাইল ইণ্টাৰনেটো উপলব্ধ হ’ব ৷

উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্ধিয়া ৫ বজাৰ পৰা ইণ্টাৰনেট সেৱা মুকলি কৰি দিবলৈ চৰকাৰক নির্দেশ দিছিল ৷ অৱশ্যে সন্ধিয়া পর্যন্ত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা নহ’ল ৷ ইয়াৰ পাছতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰৰ পৰা ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ৷

লক্ষণীয় যে ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত ব্যাহত হৈ পৰিছিল বহু কার্যালয়ৰ কাম–কাজ ৷ বিশেষকৈ বিভিন্ন কেব সেৱাসমূহ সম্পূর্ণৰূপে অচল হৈ পৰে ৷ ইয়াৰ বিৰুদ্ধে কেবচালকসকলে প্রতিবাদো সাব্যস্ত কৰিছে ৷

স্বাভাৱিক জীৱনযাত্রাত ইণ্টাৰনেট সেৱা বন্ধৰ প্রভাৱৰ প্রতি লক্ষ্য ৰাখি অধিবক্তা বনশ্রী গগৈ, জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু দেৱকন্যা দলেই গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে ৷ শুনানিৰ সময়ত ৰাজ্য চৰকাৰে এখন শপতনামাযোগে অৱগত কৰে যে চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে ৷ কিন্তু বর্তমান ৰাজ্যলৈ ঘূৰি অহা স্বাভাৱিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে ইণ্টাৰনেট সেৱা পুনৰ সক্রিয় কৰিবলৈ নির্দেশ দিয়ে ৷

You might also like