ককায়েক যতীন্দ্র শর্মাৰ জন্মৰ দুমাহ পাছতে উপজিল কনিষ্ঠ ভাতৃ
দুই আইএফএছৰ বয়স বিতর্কই জোকাৰিছে বন বিভাগক
নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ দুয়োজনেই ভাৰতীয় বন সেৱা (আই এফ এছ)ৰ বিষয়া৷ সম্প্রতি ৰাজ্য চৰকাৰৰ বন বিভাগৰ গুৰুত্বপূর্ণ পদত কর্মৰত হৈ আছে৷ কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ দ্বাৰা প্রকাশিত আই এফ এছ বিষয়াৰ ‘চিভিল লিষ্ট’ত উল্লেখ থকা অনুসৰি দুয়োৰে বয়সৰ ব্যৱধান প্রায় দুমাহ৷ সাধাৰণ দৃষ্টিত এয়া স্বাভাৱিক কথা৷ কিন্তু এই দুই আই এফ এছ বিষয়া হৈছে সহোদৰ ভাতৃ৷ যাৰ পৰিপ্রেক্ষিততে দুয়োজন আই এফ এছ বিষয়াৰ বয়স বিতর্কই এতিয়া জোকাৰি গৈছে বন বিভাগক৷ এই দুই আই এফ এছ বিষয়া হৈছে যতীন্দ্র শর্মা আৰু বংকিম শর্মা৷ কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ যুটীয়া সচিব জ্ঞানেশ ভাৰতীয়ে ‘প্রাক্কথন’ত স্বাক্ষৰ কৰা ২০১৮ চনৰ ‘চিভিল লিষ্ট’ত অসম–মেঘালয় কেডাৰৰ আই এফ এছ বিষয়াৰ তথ্যত যতীন্দ্র শর্মাৰ জন্ম তাৰিখ ১৯৬৩ চনৰ ১১ আগষ্ট বুলি উল্লেখ আছে৷ সেইদৰে বংকিম শর্মাৰ জন্ম তাৰিখ হৈছে একেটা চনৰ ৩ অক্টোবৰ৷
জানিব পৰা মতে, সম্প্রতি তেজপুৰস্থিত বন বিভাগৰ ‘নর্ডান আছাম চার্কোল’ত বন সংৰক্ষক হিচাপে কর্মৰত যতীন্দ্র শর্মা বংকিম শর্মাতকৈ জ্যেষ্ঠ৷ কিন্তু জ্যেষ্ঠ ভাতৃ যতীন্দ্র শর্মা আৰু প্রধান মুখ্য বন সংৰক্ষকৰ কার্যালয়ত বন সংৰক্ষক হিচাপে সম্প্রতি কর্মৰত হৈ থকা কনিষ্ঠ ভাতৃ বংকিম শর্মাৰ মাজত বয়সৰ ব্যৱধান কেনেদৰে দুমাহ হ’ল সেইটোহে নুবুজা সাঁথৰ হৈ পৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ২০২০ চনতো কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ে আই এফ এছ বিষয়াসকলৰ ‘চিভিল লিষ্ট’ প্রকাশ কৰিছে৷ এই ‘চিভিল লিষ্ট’তো যতীন্দ্র শর্মাৰ জন্ম তাৰিখ ১৯৬৩ চনৰ ১১ আগষ্ট আৰু কনিষ্ঠ ভাতৃ বংকিম শর্মাৰ জন্ম তাৰিখ ১৯৬৩ চনৰেই ৩ অক্টোবৰ বুলি উল্লেখ আছে৷ উল্লেখ্য যে ৰাজ্যিক বন সেৱাৰ বিষয়া হিচাপে যোগদান কৰা জ্যেষ্ঠ ভাতৃ যতীন্দ্র শর্মাই ২০১৪ চনৰ ৮ জুলাইত আই এফ এছলৈ আৰু কনিষ্ঠ ভাতৃ বংকিম শর্মাই ২০১৬ চনৰ ৬ অক্টোবৰত আই এফ এছলৈ মনোনীত হৈছিল৷ কেন্দ্রীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ ‘চিভিল লিষ্ট’ত এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দুয়ো ভাতৃৰ বিৰুদ্ধে বয়স তথা জন্মৰ তাৰিখ ফাঁকিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সমগ্র বিষয়টো সন্দর্ভত এতিয়া বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই কি ভূমিকা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷