নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লীজৰ ধন নিদিয়াৰ বাবে পাক বিমান বাজেয়াপ্ত মালয়েছিয়াৰ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী: লীজৰ ধন নিদিয়াৰ বাবেই এখন পাকিস্তানী আন্তর্জাতিক বিমান বাজেয়াপ্ত কৰিছে মালয়েছিয়া চৰকাৰে৷ মালয়েছিয়াৰ বিমান সেৱাৰ মুখপাত্রই প্রকাশ কৰা মতে ব্রিটিছ আদালতত চলি থকা বিমানৰ লীজ গোচৰৰ বাবেই পাকিস্তানী ব’য়িং ৭৭৭ বিমানখন মালয়েছিয়া কর্তৃপক্ষই বাজেয়াপ্ত কৰিছে৷ কালি মালয়েছিয়া কর্তৃপক্ষই বিমানবন্দৰত পাক বিমানখন বাজেয়াপ্ত কৰাৰ পাছত বিমানখনত থকা যাত্রীসকলক আন এখন বিকল্প বিমানেৰে কুৱালালামপুৰৰ পৰা পাকিস্তানলৈ ওভতাই পঠিয়ায়৷

পাকিস্তান বিমান কর্তৃপক্ষৰ মুখপাত্র আব্দুলা এইচ খানে বিবৃতিযোগে প্রকাশ কৰা মতে মালয়েছিয়া প্রশাসনে স্থানীয় আদালতৰ জৰিয়তে একপক্ষীয়ভাৱে পাক বিমানখন বাজেয়াপ্ত কৰি ৰাখিছে৷ পাকিস্তান আন্তর্জাতিক বিমান সেৱা আৰু আন এটি পক্ষৰ মাজত গ্রেট ব্রিটেইনৰ আদালতত ১৪ নিযুত মার্কিন ডলাৰৰ লীজ বিবাদৰ গোচৰ চলি থকাৰ সময়তে মালয়েছিয়াই এই পদক্ষেপ গ্রহণ কৰিছে৷ পাকিস্তানী বিমান সেৱাৰ মুখপাত্রই প্রকাশ কৰা মতে এই সন্দর্ভত মালয়েছিয়াৰ আদালতত পাকিস্তানে আইনী যুঁজ চলাব৷ আশা কৰে যে শীঘ্রেই এই সমস্যাটো সমাধান হ’ব৷

উল্লেখ্য যে ২০১৫ চনত বিশ্বৰ বৃহত্তম বিমান লীজ দিয়া কোম্পানী ডাবলিনস্থিত এয়াৰ কেপৰ পৰা পাকিস্তান আন্তর্জাতিক বিমান সেৱাই দুখন বিমান লীজত লৈছিল৷ ইয়াৰ পাছতেই এয়াৰকেপে এই বিমান দুখনৰ লীজৰ অংশটো পেৰেগ্রীণ এভিয়েচন চার্লি লিমিটেডলৈ হস্তান্তৰ কৰে৷ ইয়াৰ পাছত কোম্পানীটোৰ সৈতে পাকিস্তানৰ বিমান সেৱাৰ বিবাদ আৰম্ভ হয় আৰু এই গোচৰটো গ্রেট ব্রিটেইনৰ আদালতত চলি আছে৷

You might also like