চান্দাৰ ধান্দাত জনতাৰ মূৰত মাধমাৰ; ৰাজনৈতিক দলক দিয়া বৰঙণি কোম্পানীয়ে সংগ্রহ কৰিছে গ্রাহকৰ পৰা
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নির্বাচন চমু চাপি অহাৰ লগে লগে নির্মাণ সামগ্রীৰ বজাৰত জুই জ্বলিছে৷ প্রতিটো নির্বাচনৰ প্রাক্মুহূর্তত চিমেণ্ট–ৰডৰ মূল্যবৃদ্ধি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ ৰাজনৈতিক দলসমূহৰ চান্দা সংগ্রহৰ ফলত প্রতিবাৰেই ভুক্তভোগী হ’বলগীয়া হয় গ্রাহকসকল৷ এইবাৰো অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি ঘটিছে৷ বিগত ডিচেম্বৰ মাহত ষ্টাৰ, টপচেমকে ধৰি প্রতিবিধ চিমেণ্টৰ মূল্য ১২ টকাকৈ বৃদ্ধি পাইছে৷ মূল্যবৃদ্ধিৰ প্রক্রিয়াৰ এয়া আৰম্ভণিহে৷ আহিবলগীয়া মাহসমূহত এই ধাৰা অব্যাহত ৰাখিবলৈ সাজু হৈছে চিমেণ্ট কোম্পানীসমূহে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলত উদ্যোগ প্রতিষ্ঠাৰ নামত চিমেণ্ট কোম্পানীসমূহে কেন্দ্রীয় চৰকাৰৰ পৰা নিয়মীয়াকৈ ৰাজসাহায্য লাভ কৰে৷ উত্তৰ–পূব বিশেষ বাণিজ্য নীতিৰ অধীনত কোম্পানীসমূহক প্রদান কৰা হয় মূলধনী, পৰিবহণ আদি কেইবাপ্রকাৰৰো ৰাজসাহায্য৷ কিন্তু অসম বা মেঘালয়ত উৎপাদিত চিমেণ্টো স্থানীয় বজাৰত কোম্পানীসমূহে আকাশলংঘী দৰত বিক্রী কৰি আহিছে৷ লক্ষণীয় কথাটো হ’ল, গ্রাহকৰ পৰা লুণ্ঠন কৰা ধন প্রতিটো ৰাজনৈতিক দলেই বৰঙণিৰ নামত সংগ্রহ কৰি আছে৷
প্রাপ্ত তথ্য অনুসৰি অসমৰ বজাৰ দখল কৰি থকা প্রতিটো চিমেণ্ট কোম্পানীয়ে কোটিৰ ঘৰত বছৰি ৰাজনৈতিক দলক চান্দা আদায় দিয়ে৷ ২০১৮–১৯ বর্ষত ৰাজ্যৰ এটা আগশাৰীৰ চিমেণ্ট কোম্পানী ষ্টাৰ চিমেণ্টে দুটা কিস্তিত শাসকীয় বিজেপিক মুঠ ২.৬৮ কোটি টকাৰ চান্দা দিছে৷ একেটা কোম্পানীয়ে একেটা বছৰত কংগ্রেছ দলক দিছে ৩০ লাখ টকাৰ বৰঙণি৷ অর্থাৎ এটা বছৰৰ ভিতৰতে বিজেপি আৰু কংগ্রেছক ষ্টাৰ চিমেণ্টে মুঠ ২.৯৮ কোটি টকাৰ চান্দা দিছে৷ অসমৰ গ্রাহকে সততে ক্রয় কৰা আন এবিধ চিমেণ্ট হ’ল টপচেম চিমেণ্ট৷ মেঘালয় চিমেণ্ট মেনুফেকচাৰিং কোম্পানীয়ে উৎপাদন কৰে টপচেম চিমেণ্ট৷ এই মেঘালয়ৰ চিমেণ্টৰ পৰা ২০১৮–১৯ বর্ষত বিজেপিয়ে তিনিটা কিস্তিত মুঠ ১.৩৮ কোটি টকাৰ চান্দা সংগ্রহ কৰিছে৷ একেটা কোম্পানীয়ে এই সময়ছোৱাত কংগ্রেছ দলৰ পুঁজিলৈও ৫ লাখ টকা আগবঢ়াইছে৷ অর্থাৎ টপচেমৰ পৰা কংগ্রেছ–বিজেপিয়ে এটা বছৰত লাভ কৰা মুঠ বৰঙণিৰ পৰিমাণ হ’ল ১.৪২ কোটি টকা৷
বিগত বছৰটোত অমৃত চিমেণ্টেও বিজেপিক ২১ লাখ টকা দিয়াৰ তথ্য পোৱা গৈছে৷ এয়া হ’ল কেইটামান উদাহৰণ মাত্র৷ ৰাজনৈতিক দলক দিয়া বৰঙণি নিশ্চয় চিমেণ্ট কোম্পানীয়ে নিজৰ লাভাংশৰ পৰা নিদিয়ে৷ বিজেপি, কংগ্রেছ বা আন দলক দিয়া চান্দা এই কোম্পানীসমূহে সংগ্রহ কৰে গ্রাহকৰ জেপৰ পৰা, সঘন মূল্যবৃদ্ধিৰ জৰিয়তে৷ যাৰ পৰিণতিত অসমৰ বজাৰত প্রতিবেগ ষ্টাৰ চিমেণ্টৰ মূল্য ৪৩০ টকা আৰু প্রতিবেগ টপচেম চিমেণ্টৰ মূল্য ৪২০ টকা হৈছেগৈ৷
লক্ষণীয়ভাৱে অসম আৰু মেঘালয়ত উৎপাদিত চিমেণ্টৰ মূল্য চুবুৰীয়া পশ্চিমবংগত বহু পৰিমাণে কম৷ পশ্চিমবংগৰ বজাৰত প্রতিবেগ ষ্টাৰ চিমেণ্ট ৩৩০ টকা আৰু টপচেম ৩৫০ টকাকৈ বিক্রী হৈ আছে৷ কি অংকত এই কোম্পানীসমূহে অসমৰ তুলনাত পশ্চিমবংগত কম দামত চিমেণ্ট বিক্রী কৰিব পাৰে, সেয়া এক নুবুজা সাঁথৰ৷ অভিযোগ অনুসৰি, ষ্টাৰ চিমেণ্টৰ মালিক ভজনকা আৰু টপচেমৰ মালিক লোহিয়া–ভুৰাকিয়া আদিয়ে উত্তৰ–পূবৰ চিমেণ্টৰ বজাৰত দীর্ঘদিন ধৰি এক মুকলি ছিণ্ডিকেট চলাই আহিছে৷ তেওঁলোকে ৰাজসাহায্য সৰকোৱাৰ অভিসন্ধিৰে প্রায়ে নতুন নতুন ব্রেণ্ডৰ নামত চিমেণ্ট পেকেজিং কৰি বিক্রী কৰি আহিছে৷
কেৱল সেয়াই নহয়, ৰাষ্ট্রীয় দলক দিয়া বৰঙণিৰ ধনো তেওঁলোকে অসমৰ গ্রাহকৰ পৰাই সংগ্রহ কৰে৷ যাৰ বাবে আন ৰাজ্যৰ তুলনাত ষ্টাৰ আৰু টপচেম চিমেণ্টৰ মূল্য অধিক হয়৷ এনেকৈয়ে লোহিয়া, ভুৰাকিয়া আৰু ভজনকাৰ ছিণ্ডিকেটত অসমবাসী ৰাইজৰ ঘৰ সজাৰ সপোন কলিতে মোহাৰিছে৷ ভূতৰ ওপৰত দানহ পৰা দি প্রতিদিনে বৃদ্ধি পাইছে ৰডৰ মূল্য৷ প্রতিটন ৰডৰ মূল্য বজাৰত সম্প্রতি ৬০ হাজাৰ টকা৷ এমাহৰ ভিতৰতে ৰডৰ দাম প্রতি টনত ১০ হাজাৰ টকাকৈ বৃদ্ধি পাইছে৷ নির্বাচনৰ পূর্বে মূল্যবৃদ্ধি অৱধাৰিত বুলি গণ্য কৰা হয় যদিও চিমেণ্ট আৰু ৰডৰ শেহতীয়া মূল্যবৃদ্ধি অত্যন্ত অস্বাভাৱিক হৈ পৰিছে৷ শাসকীয় দলৰ পুঁজিলৈ ইয়াৰ সিংহভাগ যোৱা বাবেই চিমেণ্ট–ৰডৰ মূল্যবৃদ্ধিক লৈ চৰকাৰ নির্বিকাৰ হৈ ৰৈছে৷