নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটীলৈ আহিব দেশৰ মুখ্য নির্বাচন আয়ুক্ত–দুই আয়ুক্ত

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  ৰাজ্যৰ ক্ষমতা হস্তগত কৰিবলৈ শাসক–বিৰোধী উভয় শিবিৰৰ এতিয়া লক্ষ্য ২০২১ চনৰ বিধানসভা নির্বাচন৷ এই লক্ষ্যত উপনীত হ’বলৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰা প্রাক্নির্বাচনী তৎপৰতাত কার্যতঃ ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত বলিছে গৰম বতাহ৷ ৰাজনৈতিক দলসমূহে প্রস্তুত কৰা ৰণকৌশলৰ সমান্তৰালভাৱে সমাগত অসম বিধানসভা নির্বাচন সুকলমে আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ দেশৰ নির্বাচন আয়োগে সকলো ধৰণে প্রস্তুতি অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নির্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে অসমত উপস্থিত হৈ নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিৰ বিভিন্ন দিশৰ বুজ লৈছিল৷ ইয়াৰ পাছতেই আজি তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগ৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ সৈতে দুই নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰো আয়োগৰ শীর্ষস্থানীয় বিষয়াবর্গৰে কাইলৈৰ পৰা অসমত বাহৰ পতাটো নিশ্চিত হৈছে৷

ৰাজ্য চৰকাৰৰ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, সম্পূর্ণ নির্বাচন আয়োগে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত থকাৰ সময়ছোৱাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত নির্বাচনৰ প্রস্তুতি সন্দর্ভত মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া, জিলা উপায়ুক্ত তথা নির্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিষয়াবর্গৰে গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰিব৷ তদুপৰি এই সময়ছোৱাতে শাসক–বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ সৈতেও নির্বাচন আয়োগ মিলিত হোৱাৰ কথা৷

উল্লেখ্য যে বর্তমানৰ চতুর্দশ বিধানসভাৰ কার্যকাল অহা ৩১ মে’ত উকলি যাব৷ সাংবিধানিক বিধি অনুসৰি তাৰ পূর্বে নির্বাচন অনুষ্ঠিত হোৱাৰ লগতে বিধানসভাৰ নৱনির্বাচিত সদস্যসকলে শপতগ্রহণ কৰিব লাগে৷ সেই দিশৰ পৰা লক্ষ্য ৰাখি অহা ব’হাগ বিহুৰ আগে–পিছে অর্থাৎ এপ্রিল মাহত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি সূত্রটোত প্রকাশ৷ বিগত ২০১৬ চনৰ বিধানসভা নির্বাচন দুটা পর্যায়ত অনুষ্ঠিত হৈছিল৷ এইবাৰো নির্বাচন সুকলমে আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ স্বার্থত ভোটগ্রহণ প্রক্রিয়া একাধিক পর্যায়ত অনুষ্ঠিত হোৱাৰ ইংগিত দিছে সূত্রটোৱে৷ অৱশ্যে এই সকলো বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব নির্বাচন আয়োগেহে৷

সূত্রটোৱে সদৰী কৰা অনুসৰি মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ নেতৃত্বত তিনিদিনীয়া অসম ভ্রমণসূচী সামৰি অহা ২০ জানুৱাৰীত দিল্লীলৈ উভতি যোৱাৰ পাছত নির্বাচন আয়োগে নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে৷ কাইলৈ গুৱাহাটীত মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ নেতৃত্বত উপস্থিত হ’বলগীয়া দলটোত দুই নির্বাচন আয়ুক্ত চন্দ্র আৰু কুমাৰৰ উপৰি থাকিব সঞ্চালকপ্রধান ধর্মেন্দ্র শর্মা, উপ–নির্বাচন আয়ুক্ত চন্দ্র ভূষণ কুমাৰ, পি আই বিৰ অতিৰিক্ত সঞ্চালকপ্রধান শেইফালী বি শৰণ আদি৷

উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা ১১ জানুৱাৰীত নির্বাচন আয়োগৰ সঞ্চালকপ্রধান ধর্মেন্দ্র শর্মাৰ নেতৃত্বত এটা ৬জনীয়া দলে অসমত উপস্থিত হৈ বিধানসভা নির্বাচনৰ প্রস্তুতিৰ বুজ লৈছিল৷ এই দলটোৱে উভতি যোৱাৰ ঠিক পাছতে মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগে অসম ভ্রমণসূচী স্থিৰ কৰাটো ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত অতি গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

You might also like