CAAৰ যোগেদি এজনো বিদেশী অসমলৈ নাহেঃ মুখ্যমন্ত্ৰী সোণোৱাল
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল
- ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰীৰ
- অসম সদায় ‘অসমীয়াৰ’ হৈ থাকিব
- সৰ্বকালৰ ৰাজ্যভাষা হিচাপে ‘অসমীয়া’ থাকিব
- ইয়াৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব
- খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে মই মুখ্যমন্ত্ৰী হৈছো
- খিলঞ্জীয়াৰ স্বাৰ্থতেই মই সকলো কাম কৰি যাম
- ৰাইজৰ স্বাৰ্থত যদি মই কামেই কৰিব নোৱাৰো কিহৰ মুখ্যমন্ত্ৰী
- সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী সোণোবালৰ
- ১-২কোটি বাংলাদেশী আহিব বুলি ভুলকৈ কোৱা হৈছে
- নাগৰিকত্ৱ আৱেদনৰ তথ্য ৰাজহুৱা কৰা হ’ব
- নাগৰিকত্বৰ বাবে আৱেদন কৰা সকল তেনেই তাকৰ হ’ব
- CAAৰ যোগেদি এজনো বিদেশী অসমলৈ নাহে
- পূৰ্বৰে পৰা অসমত থকা সকলেহে নাগৰিকত্ৱ পাব
- এইসকলৰ দ্বাৰা কেতিয়াও ভাষা-সংস্কৃতি ধ্বংস নহয়
- CAAৰ বাবে ভাৰতীয় মুছলমানে চিন্তা কৰিব নালাগে
- অসমৰ মাটি-ভেঁটি কোনেও কাঢ়ি নিব নোৱাৰে
- গণতান্ত্ৰিক আন্দোলনক আমি সন্মান কৰো
- আন্দোলনৰ নামত একাংশই অপপ্ৰচাৰ চলাইছে
- কিছু সমাজবিৰোধী চক্ৰই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে
- এই আন্দোলনত সোমাই পৰিছে বহু অশুভ শক্তি
- আজিৰ পৰিস্থিতিৰ বাবে জগৰীয়া উচতনি দিয়াসকল
- বিজেপিৰ নেতা-কৰ্মীসকলক ভাবুকি-অত্যাচাৰ কৰা হৈছে
- ভয়-ভাবুকি-অত্যাচাৰ কৰাসকলক সাৰি যাব দিয়া নহ’ব
- অশুভ শক্তিক প্ৰশ্ৰয় নিদিবলৈ আহ্ৱান মুখ্যমন্ত্ৰীৰ
- সংগ্ৰামী দল-সংগঠনক আলোচনালৈ মতা হ’ব
- মুখ্য সচিবৰ দ্বাৰা আলোচনালৈ মতাৰ ব্যৱস্থা কৰা হ’ব