নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা সাংবাদিকক দুর্ব্যৱহাৰ; দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গুৱাহাটী প্রেছ ক্লাবত কালি অনুষ্ঠিত এখন সংবাদ মেলত এগৰাকী মহিলা সাংবাদিকক দুর্ব্যৱহাৰ কৰাৰ অভিযোগত দুই অভিযুক্তক পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে আজি গ্রেপ্তাৰ কৰে৷ ধৃত দুই অভিযুক্ত ক্রমে উমা শংকৰ ঝা (৪০) আৰু প্রাঞ্জল কুমাৰ গগৈ৷ উল্লেখ্য যে কালি গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতিক উমা শংকৰ ঝা আৰু কেইজনমান লোকে দুর্ব্যৱহাৰ কৰাৰ লগতে মহিলা সাংবাদিকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল৷ ঘটনা সন্দর্ভত ভুক্তভোগী মহিলা সাংবাদিকগৰাকীয়ে পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩৫২/৩৫৫/৩৪ ধাৰাৰ অধীনত ১৬/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি অভিযুক্ত উমা শংকৰ ঝা আৰু প্রাঞ্জল কুমাৰ গগৈক পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

ইফালে, নতুনকৈ প্রযোজনা কৰা চলচ্চিত্র এখনৰ প্রযোজনা গোষ্ঠীৰ কর্মকর্তাই সাংবাদিক নিপা কাকতিক দুর্ব্যৱহাৰ কৰা কার্যক গুৱাহাটী প্রেছ ক্লাবৰ কার্যনির্বাহক কমিটীয়ে তীব্র গৰিহণা দিয়ে৷ কমিটীৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতিযোগে দোষীক শীঘ্রে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত দাবী জনায়৷ ইতিমধ্যে ভুক্তভোগী সাংবাদিকগৰাকীয়ে আৰক্ষীৰ ওচৰত ঘটনা সন্দর্ভত অভিযোগ দাখিল কৰাৰ পাছত তদন্তৰ ক্ষেত্রত গুৱাহাটী প্রেছ ক্লাবে আৰক্ষীক সকলো প্রকাৰে সহযোগিতা আগবঢ়াব বুলি বিবৃতিটোত উল্লেখ কৰে৷ লগতে গুৱাহাটী প্রেছ ক্লাবৰ সকলো সদস্য তথা গুৱাহাটীত কর্মৰত সাংবাদিক আৰু সংবাদকর্মীৰ বাক স্বাধীনতা আৰু সুৰক্ষাৰ স্বার্থত গুৱাহাটী প্রেছ ক্লাবৰ কার্যনির্বাহক কমিটীয়ে মাত মাতি যাব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে সভাপতি আৰু সাধাৰণ সম্পাদকে৷

You might also like