নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ নির্মাণৰ বাবে দান হিচাপে আহিল ১০০ কোটি টকা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণৰ বাবে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্রই দান হিচাপে লাভ কৰিছে প্রায় ১০০ কোটি টকা৷ ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ সাধাৰণ সম্পাদক সম্পত ৰায়ে আজি এই কথা ঘোষণা কৰিছে৷ সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বার্তালাপত ৰায়ে উল্লেখ কৰে যে এতিয়াও এই দান–বৰঙণি সংগ্রহ সম্পর্কীয় সবিশেষ তথ্য মুখ্য কার্যালয়লৈ অহা নাই৷ কিন্তু কার্যকর্তাসকলৰ প্রতিবেদনত ন্যাসে এই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখনীয় যে দেশবাসীৰ পৰা মন্দিৰ নির্মাণৰ বাবে পুঁজি সংগ্রহ অভিযান যোৱা ১৫ জানুৱাৰীত আৰম্ভ কৰিছে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে৷ আগন্তুক ২৭ ফেব্রুৱাৰীলৈ এই দান–বৰঙণি সংগ্রহ অভিযান দেশজুৰি চলি থাকিব৷ দেশৰ জনসাধাৰণক মন্দিৰ নির্মাণ কার্যৰ সৈতে জড়িত কৰাবলৈ ন্যাসে এই অভিযান আৰম্ভ কৰিছে৷

স্মর্তব্য যে যোৱা বছৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে প্রদান কৰা ঐতিহাসিক ৰায় অনুসৰি ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাস গঠন কৰা হৈছে৷ অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ সমস্ত দায়িত্ব অর্পণ কৰা হৈছে এই ন্যাসৰ ওপৰত৷ স্মর্তব্য যে এই মন্দিৰ নির্মাণৰ বাবে দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে শুকুৰবাৰে ৫,০০,১০০ টকা দান হিচাপে আগবঢ়াইছে৷

You might also like