নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক ফেব্রুৱাৰীৰ পৰা উপ– পৰিদর্শক পদৰ শাৰীৰিক পৰীক্ষা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অসম আৰক্ষীৰ ৫৯৭টা উপ–পৰিদর্শক (ইউ বি) পদত নিযুক্তিৰ বাবে অহা ১ফেব্রুৱাৰীৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুর্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্রাউণ্ড’ত ‘ফিজিকেল ষ্টেণ্ডার্ড টেষ্ট (পি এছ টি) আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট (পি ই টি)’ অনুষ্ঠিত হ’ব৷ এই পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে প্রার্থীসকলে লগত আনিবলগীয়া নথি–পত্রৰ লগতে তেওঁলোকে জানিবলগীয়া অন্যান্য বিষয়সমূহৰ বিষয়ে ইতিমধ্যে বিজ্ঞাপনযোগে বাতৰি কাকত আৰুwww.slprbassam.in ‘ৱেবছাইট’ত সবিস্তাৰে প্রকাশ কৰা হৈছে৷ আনহাতে, ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে অসম আৰক্ষীত খালী হৈ থকা অন্যান্য পদসমূহ পূৰণ কৰাৰ বাবেও প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিছে৷ ইতিমধ্যে বাতিল হোৱা আৰক্ষী কনিষ্টবল (ইউ বি আৰু এ বি)ৰ ‘ফিজিকেল ষ্টেণ্ডার্ড টেষ্ট (পি এছ টি) আৰু ‘ফিজিকেল এফিচিয়েঞ্চি টেষ্ট (পি ই টি)’ অহা মাহত পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ ব’র্ডে যাৱতীয় প্রস্তুতি চলাইছে৷ সেইদৰে, অসম আৰক্ষী অনাতাঁৰ সংস্থা, অগ্ণি আৰু আপদকালীন সেৱা আৰু কাৰাগাৰ বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব’র্ডে পদক্ষেপ লৈছে৷ পৰৱর্তী সময়ত খালী হৈ থকা এই পদসমূহ পূৰণৰ ক্ষেত্রত অনুষ্ঠিত হ’বলগা পৰীক্ষাৰ তাৰিখ সম্পর্কে প্রার্থীসকলক অৱগত কৰা হ’ব৷

You might also like