নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকাকৰণৰ দ্বিতীয় পর্যায়ত ভেকচিন ল’ব প্রধানমন্ত্রীয়ে

ক’ৰোনা যুঁজৰ বর্ষপূর্তিত ঘোষণা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ  বিশ্বজুৰি সংহাৰী ৰূপ লোৱা ঘাতক ক’ভিড–১৯ৰ বিৰুদ্ধে ভাৰতৰ ক’ৰোনা যুঁজে আজি এবছৰ সম্পূর্ণ কৰিলে৷ ক’ৰোনা যুঁজৰ বর্ষপূর্তিৰ দিনাই দ্বিতীয় পর্যায়ৰ গণ টিকাকৰণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ ভেকচিনৰ ড’জ ল’ব বুলি প্রকাশ পাইছে৷ যোৱা ১৬ জানুৱাৰীত আৰম্ভ হোৱা বিশ্বৰ বৃহত্তম ক’ভিড–১৯ গণ টিকাকৰণত স্বাস্থ্যকর্মী–গ্রণী যোদ্ধাক ভেকচিন প্রদান কৰাৰ পাছতেই দ্বিতীয় পর্যায়ত ৫০ৰ ঊর্ধ্বৰ ব্যক্তিক ভেকচিন প্রদান কৰা হ’ব৷ সেই অনুসৰিয়েই দ্বিতীয় পর্যায়ত প্রধানমন্ত্রী মোদীয়ে ক’ভিড ভেকচিনৰ প্রথমটো ড’জ ল’ব৷ তেনেদৰে ৫০ ঊর্ধ্বৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে ধৰি সাংসদ আৰু বিধায়কক ক’ৰোনা ভাইৰাছৰ প্রথমটো ড’জ দিয়া হ’ব৷ ঘাতক ক’ভিড–১৯ৰ বিৰুদ্ধে নির্ণয়কাৰী যুঁজ গণ টিকাকৰণত

ইতিমধ্যে দেশৰ প্রায় ৮ লাখ স্বাস্থ্যকর্মীক ভেকচিন প্রদান কৰা হৈছে৷ দেশৰ এক কোটি স্বাস্থ্যকর্মীক ভেকচিন প্রদান কৰা প্রক্রিয়া সমাপ্ত হ’লেই দ্বিতীয় পর্যায়ৰ ভেকচিন প্রদান অভিযান আৰম্ভ হ’ব৷ এই অভিযানত ৫০ ঊর্ধ্বৰ সকলো চৰকাৰী বিষয়া, আমোলা, ৰাজনীতিকক সাঙুৰি লোৱা হ’ব৷ তাৎপর্যপূর্ণ যে ভাৰতত দুটাকৈ দেশত প্রস্তুত কৰা ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন দেশজুৰি স্বাস্থ্যকর্মীক প্রদান কৰি থকা হৈছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি কেৱল ১৮ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক ক’ভিড–১৯ ভেকচিন প্রদান কৰা হ’ব৷ গর্ভৱতী আৰু শিশুক দুগ্ধদান কৰা মহিলাক ভেকচিন প্রদান কৰা নহ’ব৷ প্রথম পর্যায়ত তিনি কোটিক ভেকচিন প্রদান কৰাৰ পাছত পৰৱর্তী কেন্দ্রীয় চৰকাৰে দ্বিতীয় পর্যায়ত ৩০ কোটিক ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ যোৱা ১৬ জানুৱাৰীত আৰম্ভ হোৱা গণ টিকাকৰণ অভিযান দেশজুৰি অব্যাহত আছে৷

You might also like