ভাতৃঘাতী সংঘর্ষ সৃষ্টিয়েই আজমলৰ লক্ষ্য
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ বিজেপি দলে অসমত পুনৰ চৰকাৰ গঠন কৰিব আৰু বিজেপি থকালৈকে অসমীয়া সুৰক্ষিত হৈ থাকিব, সন্দেহজনক বিদেশীক প্রভুত্ব বিস্তাৰ কৰিবলৈ নিদিওঁ৷ লগতে কংগ্রেছ, এ আই ইড ডি এফৰ মহাজোঁট আৰু নতুন আঞ্চলিক দলে বিজেপিক কোনোধৰণে ক্ষতি নকৰে৷ তেজপুৰত শোণিতপুৰ জিলা পৰিষদৰ নৱনির্মিত কার্যালয় ভৱনটো সন্ধিয়া ডদ্বোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত এই তাৎপর্যপূর্ণ মন্তব্য কৰি মুখ্যমন্ত্রীগৰাকীয়ে দুয়োটা দলকে তীব্র সমালোচনা কৰে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰি কয়, মলিন মনৰ মলিন মানুহ বদৰুদ্দিন আজমল, শান্তি বিনষ্ট কৰাৰ কাৰণে কংগ্রেছ, এ আই ইড ডি এফৰ মিতিৰালি, লক্ষ্য ৰাজ্যত অশান্তি সৃষ্টি কৰা, ভাতৃঘাতী সংঘর্ষৰ সৃষ্টি কৰা৷ ডল্লেখ্য যে এ আই ইড ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে মছজিদ ডঠি যাব আৰু ইছলাম নাৰীসকলে বোর্খা পিন্ধিব নোৱাৰিব বুলি সাম্প্রদায়িক মন্তব্য কৰিছিল৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি এ আই ইড ডি এফৰ সভাপতিগৰাকীয়ে কৰা মন্তব্য সন্দর্ভত এইদৰে কঠোৰ সমালোচনা কৰে৷ আনহাতে তেজপুৰ জিলা পুথিভঁৰালত আজি নিশা ৮ বজাত শোণিতপুৰ জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত জনতাৰ চৰকাৰ শীর্ষক অনুষ্ঠানত তেজপুৰৰ বিশিষ্ট নাগৰিক আৰু দল–সংগঠনৰ সৈতে মত বিনিময় কৰে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ শোণিতপুৰ জিলাৰ ডপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে আদৰণী ভাষণ দিয়া এই গাম্ভীর্যপূর্ণ অনুষ্ঠানটোতে তেজপুৰৰ প’ল ফিল্ডৰ আন্তঃগাঁথনি ডন্নয়ন (নগৰ আন্তঃগাঁথনি ডন্নয়ন আঁচনিৰ অধীনত), মহাভৈৰৱ বজাৰৰ পুনঃনির্মাণ (নগৰ আন্তঃগাঁথনি ডন্নয়ন আঁচনিৰ অধীনত), তেজপুৰ পৌৰসভাৰ অতিথিশালাৰ নির্মাণ আৰু উন্নয়নৰ (পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ অধীনত) আধাৰশিলা স্থাপন কৰা হয়৷
এই অনুষ্ঠানতে ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়, অসমত স্থায়ী শান্তিৰ বাবে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেও আমি সংকল্প গ্রহণ কৰিলোঁ আৰু আমি লোৱা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়া আৰু গৃহমন্ত্রী অমিত শ্বাহৰ সহযোগত আমি অসমৰ ৰাইজে আগবঢ়োৱা আন্তৰিকতাৰ ফলশ্রুতিত সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দি ডল্লেখযোগ্য সফলতা অর্জন কৰিবলৈ সফল হ’লোঁ৷ ফলত হাজাৰ হাজাৰ হিংসাৰ বিশ্বাসী অস্ত্রধাৰী যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি ভাৰতবর্ষৰ সংবিধানৰ ওপৰত বিশ্বাস কৰি মূলসুঁতিলৈ ঘূৰি আহিল৷ আমাৰ চৰকাৰে ৰাজ্যখনক এখন প্রদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্রতো আৰম্ভণিৰে পৰাই যথেষ্ট কাম কৰি আহিছে৷ কাৰণ আমাৰ সৌন্দর্য নির্ভৰ কৰিছে এই প্রাকৃতিক ডপাদান আৰু গছ–গছনিৰ ওপৰত৷ আমাৰ যি ভূগোল ঈশ্বৰে যি ডপহাৰ দিছে নদ–নদী, খাল, বিল, পাহাৰ–ভৈয়াম ইত্যাদি৷ এই সুন্দৰ ইয়াৰ যি অৱয়ব ৰূপৰেখা সেয়া আমি সংৰক্ষিত কৰিব লাগিব৷ লগতে ইয়াৰ ডন্নতি সাধনৰ বাবেও নিশ্চিতভাৱেও বনাঞ্চল বৃদ্ধি কৰিব লাগিব৷ এই ডপলব্ধিটো জগাই তুলিবৰ বাবে ডঠি অহা চামটোৰ মাজত বিশেষ অনুভূতি জগাই তুলিবৰ বাবেও আমাৰ চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ কাজিৰঙা বন্য জীৱ–জন্তুৰ সুৰক্ষাৰ বাবে বনকম্সকলৰ হাতত অত্যাধুনিক অস্ত্র–শস্ত্র তুলি দিয়া হৈছে৷ এনেধৰণে আমাৰ চৰকাৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰাৰ বাবেই আৰু নিৰন্তৰ প্রচেষ্টা চলোৱাৰ ফলত কাজিৰঙাৰ চৌদিশে অৱস্থান কৰা ৰাজ্যৰ সহযোগত চোৰাং চিকাৰীৰ দপ্দপনি নাইকিয়া হ’ল৷ আমাৰ চৰকাৰৰ কার্যকালত ৩৪০জন চোৰাং চিকাৰীক কৰায়ত্ত কৰা হ’ল৷ তেজপুৰ জিলা পুথিভঁৰালত সহস্রাধিক লোকৰ ডপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুকে ধৰি বহু বিশিষ্ট ব্যক্তি ডপস্থিত থাকে৷