নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰিছ জলবায়ু চুক্তি–‘হু’ত পুনৰ যোগদান আমেৰিকাৰ

ৰাষ্ট্রপতিৰ দায়িত্ব লৈয়েই ট্রাম্পৰ নীতি প্রত্যাহাৰ বাইডেনৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ শপতগ্রহণ কৰি প্রথম দিনাই জ’ বাইডেনে প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কেইবাটাও বিতর্কিত নীতিক প্রত্যাহাৰ কৰিলে৷ ৰাষ্ট্রপতি হিচাপে দায়িত্ব লৈ প্রথম দিনাই বাইডেনে ১৫ এগ্জিকিউটিভ অর্ডাৰত স্বাক্ষৰ কৰি ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিলে৷ ৰাষ্ট্রপতি বাইডেনৰ পূর্বে মাত্র দুজন ৰাষ্ট্রপতিয়েহে দায়িত্ব গ্রহণ কৰাৰ দিনাই এগ্জিকিউটিভ অর্ডাৰত স্বাক্ষৰ কৰিছিল৷ দুয়োগৰাকী ৰাষ্ট্রপতিয়ে অৱশ্যে মাত্র এটাকৈহে অর্ডাৰত স্বাক্ষৰ কৰিছিল৷ ঘাতক ক’ৰোনা ভাইৰাছে বিধ্বস্ত কৰা আমেৰিকা যুক্তৰাষ্ট্রৰ অর্থনীতি উজ্জীৱিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্রপতি বাইডেনে এই শক্তিশালী পদক্ষেপ হিচাপে অর্ডাৰত স্বাক্ষৰ কৰিছে৷ ৰাষ্ট্রসংঘৰ পেৰিছ জলবায়ু চুক্তিৰ পৰা নিজৰ দেশৰ নাম প্রত্যাহাৰ কৰি ৰাষ্ট্রপতি ট্রাম্পে বিতর্কৰ মাজত সোমাই পৰাৰ পাছত নির্বাচনী প্রতিশ্রুতি হিচাপে বাইডেনে জলবায়ু চুক্তিত পুনৰ যোগদানৰ ঘোষণা দায়িত্বৰ প্রথমদিনাই পালন কৰিলে৷ পেৰিছ জলবায়ু চুক্তিত পুনৰ যোগদানৰ লগতে ৰাষ্ট্রপতি বাইডেনে মুছলিমপ্রধান কেইবাখনো দেশৰ নাগৰিকৰ আমেৰিকা ভ্রমণৰ নিষেধাজ্ঞাও বাতিল কৰে৷ তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতেও বিচ্ছেদ কৰা

প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ নীতিক প্রত্যাহাৰ কৰি ৰাষ্ট্রপতি ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে পুনৰ যুক্ত হোৱাৰ নির্দেশত স্বাক্ষৰ কৰে৷ আনপিনে, কিষ্টন এক্সেল অইল পাইপ লাইন অনুমোদনো প্রত্যাহাৰ কৰে ৰাষ্ট্রপতি বাইডেনে৷ গুৰুত্বপূর্ণ যে আমেৰিকা যুক্তৰাষ্ট্র– মেক্সিকো সীমান্ত বেৰৰ ট্রাম্পৰ নির্দেশকো স্থগিত ৰাখে বাইডেনে৷ ৰাষ্ট্রপতি বাইডেনে মাক্স পৰিধান কৰি অ’ভেল অফিচত এই নির্দেশসমূহত স্বাক্ষৰ কৰে৷ লক্ষণীয় যে ৰাষ্ট্রপতি ট্রাম্পে কর্মচাৰীসকলে মাক্স পৰিধান কৰা আৰু সামাজিক দূৰত্ব বর্তাই ৰখা এগ্জিকিউটিভ অর্ডাৰতো স্বাক্ষৰ কৰি মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ প্রতিশ্রুতি দিয়া বাইডেনে ৰাষ্ট্রপতি হিচাপে প্রতিশ্রুতি পালন কৰিলে৷ দেশপ্রেমৰ শিক্ষাক আগবঢ়াই নিবলৈ প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ ‘১৭৭৬ কমিছন’ প্রতিবেদনো বাইডেনে প্রত্যাহাৰ কৰে৷ বর্ণ সমতাক প্রাধান্য আৰু পদ্ধতিগত বর্ণবাদক পুনৰ প্রৱর্তনৰ নীতিক পর্যালোচনা কৰাৰ বাবেও ফেডাৰেন এজেঞ্চীক নির্দেশনা দিয়া অর্ডাৰত স্বাক্ষৰ কৰে বাইডেনে৷ মন কৰিবলগীয়া যে ভাৰতীয় সময় মতে যোৱানিশা প্রায় ১০.৩০ বজাত আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৬সংখ্যক ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিছিল জ’ বাইডেনে৷ দেশখনৰ প্রথম মহিলা উপ–ৰাষ্ট্রপতি হিচাপে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছে শপতগ্রহণ কৰি ইতিহাস সৃষ্টি কৰে৷

You might also like