ভাৰতৰ ৬ ক্রিকেটাৰলৈ বিলাসী বাহন উপহাৰ আনন্দ মহিন্দ্ৰাৰ
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ অষ্ট্রেলিয়াত অভূতপূর্ব প্রদর্শনেৰে ইতিহাস ৰচা টীম ইণ্ডিয়াৰ ছগৰাকীকৈ উদীয়মান তাৰকালৈ বিলাসী বাহনৰ উপহাৰ আগবঢ়াইছে অটোম’বাইল ক্ষেত্রৰ প্রতিষ্ঠিত উদ্যোগপতি আনন্দ মহিন্দ্রই৷
অষ্ট্রেলিয়াত দলটোৰ নৱাগত তাৰকাসকলৰ চমকপ্রদ প্রদর্শনে দেশবাসীক গৌৰৱান্বিত কৰা বুলি উল্লেখ কৰি তেওঁ কালি মহম্মদ চিৰাজ, টি নটৰাজন, শুভমন গীল, ৱাশ্বিংটন সুন্দৰ, ছার্দুল ঠাকুৰ আৰু নৱদীপ ছাইনীক এখনকৈ এছ ইউ ভি বাহন উপহাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷
‘অষ্ট্রেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাত ভাৰতৰ ছগৰাকীকৈ যুৱ খেলুৱৈয়ে অতুলনীয় দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকে নিজৰ প্রদর্শনেৰে দেশৰ নতুন প্রজন্মক অনুপ্রাণিত কৰিছে৷ দেশৰ ভৱিষ্যৎ প্রজন্মক তেওঁলোকে ডাঙৰ সপোন দেখাৰ সাহস দিছে৷’ টুইটাৰত মহিন্দ্রই এইদৰে কয়৷
উল্লেখ্য যে সদ্যসমাপ্ত ব’ডাৰ–গাভাস্কাৰ ট্রফীত নৱাগত বেগী বলাৰ মহম্মদ চিৰাজে ভাৰতৰ সর্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হয়৷ ইফালে চতুর্থ টেষ্টত অভিষেক ঘটোৱা ৱাশ্বিংটন সুন্দৰে ভাৰতৰ হৈ প্রথম ইনিংছত দৃঢ়তাপূর্ণ বেটিঙেৰে দায়িত্বপূর্ণ অর্ধশতক অর্জন কৰে৷ কেৰিয়াৰৰ দ্বিতীয়খন টেষ্ট খেলা ছার্দুল ঠাকুৰেও সুন্দৰৰ সৈতে ধৈর্যশীল বেটিঙেৰে ভাৰতক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰিছিল৷