নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামেশ্বৰ হাজৰিকাক ৰূপান্তৰ শিল্পী বঁটা প্রদান

নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ নগাঁৱৰ জলাহ গাঁৱত ২০১১ চনতে প্রতিষ্ঠা লাভ কৰা ৰূপান্তৰে অসমৰ নাট্য, সাহিত্য, সমাজ জীৱনলৈ নিৰলসভাৱে সেৱা আগবঢ়াই অহা একোজনকৈ বিশেষ ব্যক্তিক ৰূপান্তৰ বঁটা প্রদান কৰি আহিছে৷ এইবেলি প্রবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকাক ৰূপান্তৰ শিল্পী বঁটা প্রদান কৰা হয়৷ ভাষণ প্রসংগত নাট্যজীৱনৰ বহু অভিজ্ঞতা প্রকাশ কৰে ৰামেশ্বৰ হাজৰিকাই৷

যুৱ লেখিকা শর্মিষ্ঠা প্রীতমক প্রয়াত কোকিল চক্রৱর্তী অনুপ্রেৰণা বঁটা প্রদান কৰা হয়৷ ৰূপান্তৰ সমাজহিতৈষী বঁটা প্রদান কৰা হয় বিশিষ্ট সমাজকর্মী দেৱেন্দ্র সিং শ্বেহমীলৈ৷ সাহিত্য বঁটা লাভ কৰে লেখক কেশৱ বৰাই৷

ইফালে, নতুন প্রজন্মক সাহিত্যৰ প্রতি আকর্ষিত কৰিবলৈ ‘বত্তৃণতা শুনক আৰু লাভ কৰক পুৰস্কাৰ’ এক ব্যতিক্রমী প্রচেষ্টাও হাতত লয় ৰূপান্তৰে৷ য’ত নগাঁৱৰ এডিপি কলেজ, খাগৰিজান কলেজ আৰু নগাঁও মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে অংশ লয়৷ নগাঁৱৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তি, সাংবাদিকৰ উপস্থিতিত অতি গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত শিল্পী গভীৰ নাথে গীত পৰিৱেশন কৰাৰ লগতে ৰূপান্তৰৰ দুই কণমানি শিল্পীয়ে নৃত্য পৰিৱেশন কৰে৷

You might also like