চিনেমা নহয় বাস্তৱঃ এদিনৰ কাৰণে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হ’ল ১৯ বছৰীয়া সৃষ্টি গোস্বামী
নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ বলীউডৰ ছবি ‘নায়ক’ উপভোগ নকৰা লোকৰ সংখ্যা হয়তো আঙুলিৰ মূৰত গণিব পৰা৷ এই ছবিখনত অনিল কাপুৰে এদিনৰ বাবে মুখ্যমন্ত্রী হৈ পাঁচ বছৰে কৰিব নোৱাৰা মুখ্যমন্ত্রীৰ কাম কৰি দেখুৱাইছিল৷
তেতিয়াৰে পৰা এদিনৰ বাবে মুখ্যমন্ত্রী শীর্ষক বাক্যটি জনগণৰ মুখে মুখে চর্চিত৷ চলচ্চিত্র জগতৰ পাছত এইবাৰ বাস্তৱত এদিনৰ বাবে মুখ্যমন্ত্রী হ’ল এগৰাকী কন্যা৷ অৱশ্যে ছবিখনৰ দৰে হয়তো মুখ্যমন্ত্রী হোৱা কন্যাগৰাকীয়ে দায়িত্ব–কর্তব্য পালন কৰিব নোৱাৰিলে৷
তথাপি এই এদিনৰ বাবে মুখ্যমন্ত্রী দেশৰ বাবে নিশ্চয়কৈ চর্চিত হ’ল৷ আজি ৰাষ্ট্রীয় কন্যা সন্তান দিৱস উপলক্ষে উত্তৰাখণ্ডত এদিনৰ বাবে মুখ্যমন্ত্রী হ’ল সৃষ্টি গোস্বামী৷ হৰিদ্বাৰৰ কন্যা সৃষ্টি গোস্বামী উত্তৰাখণ্ডত এদিনৰ বাবে মুখ্যমন্ত্রী হৈ ত্রিবেন্দৰ সিং ৰাৱাট চৰকাৰৰ কাম–কাজ পর্যালোচনা কৰে৷
ৰাজ্যখনৰ গ্রীষ্মকালীন ৰাজধানী গেইৰচেইনত মুখ্যমন্ত্রী হিচাপে সৃষ্টি গোস্বামীয়ে চৰকাৰখনৰ বিভিন্ন আঁচনি বিশেষকৈ অটল আয়ুষ্মান আঁচনি, স্মার্টচিটী প্রকল্প, পর্যটন বিভাগৰ হোমষ্টে আঁচনি, বিভিন্ন উন্নয়নমূলক আঁচনি পর্যালোচনা কৰে৷