গণৰাজ্য দিৱসৰ দিনাই দিল্লীত কৃষকৰ ট্ৰেক্টৰ সমদল, বিপজ্জনক পৰিস্থিতিৰ আশংকা
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই দিল্লীত প্ৰতিবাদী কৃষকে উলিয়ালে ট্ৰেক্টৰ মাৰ্চ। দিল্লী সীমান্তত আজি প্ৰায় দুমাহে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকে হাজাৰ হাজাৰ ট্ৰেক্টৰেৰে দিল্লীৰ ৰাজপথত উলিয়াই সমদল।
দিল্লী সীমান্তৰ তিনি প্ৰৱেশ পথৰ বেৰিকেড গুচাই দিল্লীত প্ৰৱেশ কৰে কৃষক সমদলটো। ট্ৰেক্টৰ, ঘোঁৰাৰ লগতে পদব্ৰজে দিল্লীত সমদল কৰে কৃষকে। প্ৰতিবাদী কৃষকে বিভিন্ন ঠাইৰ প্ৰশাসনৰ বেৰিকেড ভাঙি আগবঢ়া বুলি জানিব পৰা হৈছে।
দিল্লী আৰক্ষীৰ মতে, গাজীপুৰ সীমান্ত, টিকৰী সীমান্ততো বেৰিকেড ভাঙে কৃষকে। অক্ষৰধাম নয়দা লিংক ৰোডত আৰক্ষীৰে হতাহতি হোৱাৰ লগতে কৃষকৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি গ্ৰীন লাইন মেট্ৰোৰ সকলো আস্থান বন্ধ কৰি দিয়া হৈছে দিল্লীত।
আনহাতে, টিকৰী সীমান্তৰ পৰা উলিওৱা সমদলৰ এটা অংশই নিৰ্ধাৰিত পথৰ সলনি বিকল্প পথেৰে আগবাঢ়ে। ইয়াৰ ফলতে সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ। এনে পৰিস্থিতিত আৰক্ষীৰে খণ্ডযুদ্ধ হয় আৰু আৰক্ষীয়ে কন্দুৱা গেছৰ আশ্ৰয় লয়।
ক্ৰমশঃ বিপজ্জনক পৰিস্থিতিৰ ফালে এই ট্ৰেক্টৰ মাৰ্চে গতি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে দিল্লী প্ৰশাসনে।