নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ক’ভিড–১৯ কালৰ মাজতে আজিৰে পৰা আৰম্ভ হ’ব মোদী–২.০ চৰকাৰৰ বাজেট অধিৱেশন৷ ক’ভিড–১৯ প্রট’কল মানি কাইলৈৰ পৰা আৰম্ভ হ’ব লগা সংসদৰ বাজেট অধিৱেশনৰ অহা ১ ফেব্রুৱাৰীত বাজেট দাখিল কৰিব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ নিয়মানুযায়ী ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে কাইলৈ অধিৱেশনৰ যুটীয়া সদন সম্বোধন কৰিব৷ ১৬ বিৰোধী দলে ৰাষ্ট্রপতি কোৱিন্দৰ এই ভাষণ বর্জন কৰিব বুলি বিবৃতিযোগে ঘোষণা কৰিছে৷ কেন্দ্রীয় চৰকাৰে নতুনকৈ বলৱৎ কৰা তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত অটল থকা প্রতিবাদী কৃষকক সমর্থন আৰু সহমর্মিতা প্রকাশৰ বাবেই ৰাষ্ট্রপতিৰ ভাষণ বর্জনৰ সিদ্ধান্ত গ্রহণ কৰিছে ১৬ বিৰোধী দলে৷
কংগ্রেছ, বাঁওপন্থী, তৃণমূল কংগ্রেছ, ডি এম কে, আৰ জে ডি, শিৱসেনা আৰু এন চি পিৰ নেতৃত্বই স্বাক্ষৰ কৰা বিবৃতিত উল্লেখ কৰা মতে, কেন্দ্রীয় চৰকাৰে যোৱা ছেপ্টেম্বৰত গৃহীত কৰা তিনি কৃষি আইনে ৰাজ্যসমূহৰ অধিকাৰৰ ওপৰত আঘাত হানিছে আৰু সংবিধানৰ যুক্তৰাষ্ট্রীয় ব্যৱস্থা উলংঘন কৰিছে৷ বিবৃতিত এই কথাও উল্লেখ কৰা হৈছে যে যদি কৃষি আইন প্রত্যাহাৰ কৰা নহয়, তেতিয়াহ’লে দেশৰ খাদ্য সুৰক্ষাকে ধৰি এম এছ পিৰ ওপৰত প্রচণ্ড প্রভাৱ পৰিব৷ কৃষি বিলকেইখন ৰাজ্য চৰকাৰসমূহ আৰু কৃষক সংগঠনৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ গৃহীত কৰা হৈছে৷ আনকি ৰাষ্ট্রীয় ঐকমত্যৰ ওপৰতো কেন্দ্রীয় চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ ইয়াৰ কাৰণে অধিৱেশনৰ প্রথম দিনাৰ ৰাষ্ট্রপতিৰ ভাষণ বর্জন কৰিব ১৬টা ৰাজনৈতিক দলে৷ উল্লেখ্য যে কাইলৈ ২৯ জানুৱাৰীৰ পৰা বাজেট অধিৱেশন আৰম্ভ হৈ ৮ এপ্রিলত সামৰণি পৰিব৷ অৱশ্যে এই অধিৱেশনৰ কার্যসূচী দুটা পর্যায়ত অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়টো ২৯ জানুৱাৰীৰ পৰা ১৫ ফেব্রুৱাৰীলৈ আৰু দ্বিতীয় পর্যায়টি ৮ মার্চৰ পৰা ৮ এপ্রিললৈ৷