নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ট্রেক্টৰ ৰেলীত ভাগ লোৱা দুজনক গ্রেপ্তাৰ আজাৰা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ অসমৰ পৰা গৈ দিল্লীত কৃষক আন্দোলনত অংশগ্রহণ কৰি উভতি অহা ৰাণীৰ কৃষক নেতা দীনেশ দাস আৰু জয়ন্ত গগৈক কালি পুৱাই আজাৰা আৰক্ষীয়ে আটক কৰে৷

জানিব পৰা মতে, অসমৰ তেৰজনীয়া দল এটাই কৃষক আন্দোলনত অংশ ল’বলৈ দিল্লীলৈ গৈছিল৷ কালি বিয়লি বিমানেৰে দিল্লীৰ পৰা উভতি আহিছিল দলটো৷ আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রদীপ চন্দ্র কলিতাই জানিবলৈ দিয়া মতে, দিল্লীৰ পৰা বিমানেৰে আহি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ক’ভিড প্রট’কল মতে ক’ভিড টেষ্ট নকৰাকৈ দলটোৰ সকলো সদস্য ঘৰমুৱা হয়৷

যাৰ বাবে বৰঝাৰ বিমানবন্দৰত কর্মৰত ক’ভিড প্রচেছৰ টীম ইনচার্জ শেখৰ কাকতিয়ে পৰহি নিশাই আজাৰা থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/১৮৮/২৯৪/২৭০/২৬৯/৫১(বি) ডি/এম–২০০৫ আইনৰ অধীনত ৫৬/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷

কালি পুৱা আৰক্ষীয়ে অভিযান চলাই নিজ গৃহৰ পৰা দুয়োজনকে আটক কৰে৷ আনহাতে, ক’ভিড বিধি ভংগ কৰা বাকীকেইজনকো বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে৷

You might also like