নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰ ৪৫টা গুদামত চিবিআইৰ অভিযান, ধান–গম জব্দ

নিয়মীয়া বাৰ্তা, ৩০  জানুৱাৰীঃ পঞ্জাব কৃষকৰ নেতৃত্বত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত আন্দোলন চলাই থকাৰ মাজতে যোৱানিশা পঞ্জাবৰ লগতে হাৰিয়ানাৰ ৪৫টা গুদামত চিবিআয়ে অভিযান চলাইছে৷ এই অভিযানৰ সময়ত চিবিআয়ে গুদামকেইটাত বৃহৎ পৰিমাণৰ ধান আৰু গম জব্দ কৰিছে৷ চিবিআইৰ সূত্রত প্রকাশ কৰা মতে যোৱানিশাৰে পৰা অর্ধসামৰিক বাহিনীৰ সহযোগত চিবিআয়ে পঞ্জাব গ্রেইন প্র’কিউৰমেণ্ট কর্প’ৰেচন, পঞ্জাব ৱেৰ হাউছিং আৰু এফ চি আয়ে কেইবাটাও স্থানত অভিযান চলাইছে৷ গুদামত জমা কৰি ৰখা খাদ্যশস্যৰ পৰিমাণ আৰু মান নিৰীক্ষণ কৰিছে চিবিআইৰ দলে৷

২০১৯–২০ আৰু ২০২০–২১ বর্ষৰ গুদামত জমা কৰি ৰখা শস্যৰ নমুনা সংগ্রহ কৰাৰ লগতে এই শস্যসমূহ জব্দ কৰিছে৷ চিবিআইৰ বিবৃতিত প্রকাশ পোৱা মতে পঞ্জাবৰ উপৰি লুধিয়ানা, মানচা আৰু কাপুৰথালা, হাৰিয়ানাৰ ছাহবাদ আৰু ছিৰছাৰ গুদামত অভিযান চলোৱা হৈছে৷ মানচাৰ গুদামত পোৱা শস্যসমূহ উত্তৰপ্রদেশ আৰু বিহাৰৰ পৰা আহি জমা কৰাৰ পাছত কেন্দ্রলৈ পঠিওৱা হয় আৰু এইবোৰ বজাৰত বিক্রী কৰা হয়৷

You might also like