‘হু’ৰ দলৰ সৈতে মুখামুখি বৈঠকত চীনৰ বিশেষজ্ঞ
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ চীনৰ বিশেষজ্ঞৰ সৈতে অৱশেষত মুখামুখি বৈঠকত মিলিত হ’ল বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রতিনিধিৰ দল৷ ঘাতক ক’ভিড–১৯ চীনৰ ৱুহানত প্রাদুর্ভাৱ ঘটাৰ পাছত এই মহামাৰী ভাইৰাছটো দেশখনৰ গৱেষণাগাৰৰ পৰা সৃষ্ট নে প্রাকৃতিকভাৱে সৃষ্ট সেই লৈ চলা বিতর্কৰ অৱসান ঘটাবলৈ ‘হু’ৰ প্রতিনিধি দল প্রস্তাৱমর্মে ৱুহানত উপস্থিত হৈছিল যদিও চীনা কর্তৃপক্ষই তেওঁলোকক কোনো সহযোগিতা আগবঢ়োৱা নাছিল৷
বিশ্বজুৰি প্রতিক্রিয়াৰ অন্তত অৱশেষত চীনা চৰকাৰে হুৰ প্রতিনিধি দলক ক’ভিড–১৯ৰ প্রকৃত তথ্যৰ বাবে সহযোগ কৰাৰ লক্ষ্যৰে দলটোৰ সৈতে চীনৰ বিশেষজ্ঞ মিলিত হৈছে৷ দীর্ঘদিনৰ অন্তত হুৰ প্রতিনিধিয়ে ক’ভিড–১৯ৰ প্রকৃত তথ্যৰ বাবে চীনৰ বিশেষজ্ঞৰ লগত বৈঠকত মিলিত হৈছে যদিও এই বৈঠকৰ বিতং তথ্য এতিয়াও প্রকাশ হোৱা নাই৷