নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ প’কছ’ আইনৰ অধীনত শিশু কন্যাৰ হাতত ধৰা আৰু পেণ্টৰ ছেইন খোলাটো যৌন নির্যাতন নহয়৷ বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে আজি এই তাৎপর্যপূর্ণ ৰায় দিছে৷ এগৰাকী ৫ বছৰীয়া শিশু কন্যাক হাতত ধৰা আৰু সেই সময়ত ৫০ বছৰীয়া লোক এজনৰ পেণ্টৰ ছেইন খোলা থকা বুলি কন্যাগৰাকীৰ মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত এখন আদালতে লোকজনক ৫ বছৰৰ সশ্রম কাৰাবাস আৰু ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল প’কছ’ৰ ধাৰা গোচৰৰ অধীনত৷
এই ৰায়ৰ প্রত্যাহ্বান হিচাপে বম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি ন্যায়াধীশ পুষ্পা গানেডিৱালাই গ্রহণ কৰি উল্লিখিত ৰায় প্রদান কৰে৷ ন্যায়াধীশগৰাকীৰ মতে উল্লিখিত কার্য প’কছ’ আইনৰ অধীনত নপৰে, ই হৈছে ভাৰতীয় দণ্ডবিধি ধাৰা ৩৫৪ৰ অধীনতহে৷