কংগ্ৰেছে মুকলি কৰিলে টিকট প্ৰত্যাশীৰ বাবে আবেদন
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ ৰাজ্যত আৰম্ভ হৈছে সমাগত নিৰ্বাচনৰ ৰণশিঙা। শাসক বিৰোধীকে ধৰি সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ।
ইয়াৰ মাজতে বিৰোধী দল কংগ্ৰেছ দলে টিকট প্ৰত্যাশীৰ বাবে মুকলি কৰিছে আবেদন।
এই আবেদন পত্ৰৰ সৈতে প্ৰাৰ্থীয়ে দিব লাগিব ৫০ হাজাৰকৈ টকা। জাতি জনগোষ্ঠীৰ বাবে উন্মুক্ত প্ৰতিটো সমষ্টিৰ বাবে প্ৰাৰ্থীয়ে দিব লাগিব ৪০ হাজাৰ টকা।
অনুসুচীত জাতি জনজাতিৰ প্ৰাৰ্থীৰ বাবে ২০ হাজাৰ টকা দিব লাগিব। মহিলা প্ৰাৰ্থীৰ বাবে ২৫ হাজাৰ টকা নিৰ্ধাৰণ কৰিছে কংগ্ৰেছ দলটোৱে। এই ধন এই ধন ডিমাণ্ড ড্রাফ্টযোগে জমা দিব লাগিব এপিচিচিক।
আজি কংগ্ৰেছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই আবেদন পত্ৰ সমূহ মুকলি কৰি দিছে।