নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৪৫১১গৰাকী শিক্ষকক নিযুক্তি শিক্ষা বিভাগৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ আজি সুদীর্ঘ দিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণেৰে গুৱাহাটীত নিযুক্তি–পত্র প্রদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি নিযুক্তি পত্ৰ বিতৰণ কৰে ৰাজ্যৰ শিক্ষা ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়, “শিক্ষাবিভাগত ২০১১ চনত মই বিভাগত যোগদান কৰিছিলো। শেহতীয়াকৈ যোৱাবছৰ মই পুনৰ শিক্ষাবিভাগৰ দায়িত্ব লৈ আমি সিদ্ধান্ত লৈছিলো, যে আমাৰ কাৰ্যকালৰ শেষৰ বছৰটোত যিসমূহ ৰৈ যোৱা কাম সেয়া অন্ত পেলাম। বিশেষকৈ অহা বছৰৰ পৰা আমাৰ ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰি হ’ব। অহামাহৰ ৫ তাৰিখে সৰুসজাই ফিল্ডত নতুন নিযুক্তি আৰু প্ৰাদেশিকৰণ কৰি ৩০ হাজাৰ শিক্ষকক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছো।”

You might also like