নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুনৰ ভিতৰত আন এটা ক’ভিড ভেকচিন পাব ভাৰতে

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ঘাতক ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ পাছত তৃতীয়টো ভেকচিন অহা জুন মাহৰ ভিতৰত মুকলি কৰা হ’ব৷ যোৱা ১৬ জানুৱাৰীৰ পৰা বিশ্বৰ বৃহত্তম ক’ভিড–১৯ গণ টিকাকৰণত দেশজুৰি থলুৱাভাৱে বিকশিত ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন প্রয়োগ কৰি থকা হৈছে৷ এষ্ট্রাজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ভাৰতত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দ্বাৰা উৎপাদিত ক’ভিশ্বিল্ড দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশত টিকাকৰণত ব্যৱহাৰ হৈ থকাৰ পাছত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই জুনৰ ভিতৰত মুকলি কৰিব আন এটা ক’ভিড–১৯ ভেকচিন৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ’ আদৰ পুনাৱালাই আজি দেশবাসীৰ বাবে আশাব্যঞ্জক বার্তা প্রদান কৰি জুনৰ ভিতৰত কোম্পানীটোৱে বিকশিত কৰা ভেকচিন ‘ক’ভোভেক্স’ মুকলি কৰিব বুলি ঘোষণা কৰিছে৷

চি ই অ’ পুনাৱালাই ঘোষণা কৰা মতে, কোম্পানীটোৰ দ্বিতীয় ক’ৰোনা ভাইৰাছ ভেকচিন ‘ক’ভোভেক্স’ৰ মানৱ দেহত পৰীক্ষণত ফলপ্রসূ ফলাফল লাভ কৰিছে৷ সেয়েহে কেন্দ্রীয় চৰকাৰে অনুমতি দিলেই ভেকচিনটো জুনৰ ভিতৰত মুকলি কৰিব পৰা যাব আৰু ই হ’ব দেশৰ তৃতীয়টো ক’ৰোনা ভাইৰাছ ভেকচিন৷ চি ই অ’ পুনাৱালাই টুইটাৰত প্রকাশ কৰা মতে, ন’ভাভেক্সৰ সৈতে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ‘ক’ভোভেক্স’ৰ বাবে চুক্তিবদ্ধ হৈছে৷ ভাৰতত ছিৰামে এই ভেকচিনটোৰ পৰীক্ষণো চলাই আছে৷

আশা কৰা মতে, জুনৰ ভিতৰত এই ভেকচিনটো মুকলি কৰিব পৰা যাব৷ উল্লেখ্য যে ক’ভিশ্বিল্ডৰ উপৰি ভাৰতত দ্বিতীয়টো ভেকচিন ভাৰত বায়’টেকৰ ক’ভাক্সিন দেশজুৰি টিকাকৰণত প্রয়োগ কৰা হৈছে৷ আনপিনে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্রকাশ কৰা মতে, ভাৰতত জাইডাছ কেডিলা, ৰাছিয়াৰ স্পুটনিক ভি, বায়’লজিকেল ই আৰু জেন’ভাৰ পৰীক্ষণ চলি আছে৷ এই ভেকচিনকেইটায়ো কিছু মাহৰ পাছত ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ব৷

You might also like