নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উষ্ণতা মাইনাছ ৮.৮ ডিগ্রী চেলছিয়াছ তিনি দশকৰ পিছত শ্রীনগৰত প্রচণ্ড শীত

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ  ১৯৯১ চনৰ পাছত জম্মু–কাশ্মীৰৰ শ্রীনগৰত কালিৰ নিশাটো আছিল আটাইতকৈ শীতৰ নিশা৷ কালি নিশা শ্রীনগৰত তাপমাত্রা অৱনমিত হয় মাইনাছ ৮.৮ ডিগ্রী চেলছিয়াছলৈ৷ ইফালে শ্রীনগৰ–জম্মু ৰাষ্ট্রীয় ঘাইপথৰ মাজত কালিৰে পৰা যাতায়ত ব্যাহত হৈ পৰিছে ঘন তুষাৰপাতৰ বাবে৷ বনিহালত ভূমিস্খলনৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ বিগত এটা সপ্তাহ ধৰি প্রচণ্ড শীতত কটাবলগীয়া হৈছে শ্রীনগৰবাসীয়ে৷ ১৯৯১ৰ জানুৱাৰী মাহত মাইনাছ ৮.৮ ডিগ্রী চেলছিয়াছলৈ অৱনমিত হৈছিল শ্রীনগৰৰ তাপমাত্রা৷

ৰাষ্ট্রীয় ঘাইপথৰ উপৰি জলাশয়বোৰৰ উপৰিভাগত দুই–আঢ়ৈ ফুট উচ্চতাৰ বৰফীয় আচ্ছাদন পৰিছে বুলি সংবাদ মাধ্যমৰ প্রতিবেদনত প্রকাশ পাইছে৷ ডাল আৰু নিগীন লেক শুভ্র বৰফৰ দলিচাত পৰিণত হৈছে৷ মাত্র এটা নিশাৰ ভিতৰতে শ্রীনগৰৰ বিভিন্ন স্থানত দুই–তিনি ইঞ্চিকৈ বৰফীয় আচ্ছাদন হৈছে৷ অর্থাৎ সপ্তাহটোত এনেদৰে বৰফীয় আচ্ছাদন ক্রমাৎ ডাঠ হৈ পৰিছে উপত্যকা অঞ্চলটোৰ গুৰুত্বপূর্ণ চহৰখনত৷ ডিচেম্বৰ আৰু জানুৱাৰী মাহত কাশ্মীৰত এয়া অষ্টমটো তুষাৰপাতৰ ঘটনা৷ আগন্তুক ৪ ফেব্রুৱাৰীলৈকে শ্রীনগৰৰ আকাশ ডাৱৰীয়া হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷

You might also like