নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতাৰ সংগ এৰিলে তৃণমূল কংগ্রেছৰ দুটা কার্যকালৰ বিধায়ক দীপক হালদাৰে

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছৰ পৰা পুনৰ পদত্যাগ কৰিছে এগৰাকী বিধায়কে৷ বিধানসভা নির্বাচনলৈ তিনি মাহো সময় নাই৷ কিন্তু নির্বাচনৰ পূর্বে মুখ্যমন্ত্রী মমতাৰ সংগ এৰিছে এজনৰ পিছত এজনকৈ নেতাই৷ শেহতীয়াকৈ ডায়মণ্ড হাৰবাৰ সমষ্টিৰ দুটা কার্যকালৰ বিধায়ক দীপক হালদাৰে দলটোৰ পৰা পদত্যাগ কৰাৰ লগে লগে পুনৰ ধুমুহা সৃষ্টি হৈছে তৃণমূলৰ অভ্যন্তৰত৷

ইয়াৰ পূর্বে দীপক হালদাৰে দলৰ শীর্ষ নেতৃত্বৰ বিৰুদ্ধে সুকলমে কাম কৰিব নিদিয়াৰ অভিযোগ আনিছিল৷ মাত্র কেইদিনমান পূর্বে প্রাক্তন মন্ত্রী ৰাজীৱ বেনার্জীসহ ৫গৰাকী তৃণমূল নেতাই মমতাৰ সংগ এৰি বিজেপিত যোগদান কৰিছিল৷ বিধায়ক দীপক হালদাৰেও গেৰুৱা দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে৷ স্মর্তব্য যে ২০১৯ৰ লোকসভা নির্বাচনৰ পিছত ১৭গৰাকীকৈ তৃণমূল বিধায়কে বিজেপিত যোগদান কৰিছে৷

You might also like