এবছৰ ধৰি সন্ধানহীন কিমৰ পত্নী ৰি ছ’ল–জু
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ উত্তৰ কোৰিয়াৰ শীর্ষনেতা কিম জং–উনৰ পত্নী ৰি ছ’ল–জু যোৱা এবছৰ ধৰি সন্ধানহীন হৈ আছে৷ কোৰিয়া ইনষ্টিটিউট ফৰ নেচনেল ইউনিফিকেচনৰ উত্তৰ কোৰিয়া গৱেষণা বিভাগৰ সঞ্চালক হং মিনে এন কে নিউজৰ সৈতে হোৱা বার্তালাপত সদৰী কৰিছে এই তথ্য৷ ক’ভিড–১৯ মহামাৰীৰ বাবেই ৰাজহুৱা জীৱনৰ পৰা নিজ সন্তানসহ ৰি ছ’ল–জু আঁতৰি থকা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷
ক’ভিড–১৯ৰ সংক্রমণৰ পৰা ৰক্ষা পৰিবলৈ ৰাজহুৱা কাম–কাজত কিমৰ পত্নীয়ে অংশগ্রহণ কৰা নাই বুলি বিভিন্ন মহলে সন্দেহ কৰিছে যদিও একাংশ বিশেষজ্ঞই কিমৰ পত্নীক হত্যা কৰা বুলি সন্দেহ কৰিছে৷ কিন্তু উত্তৰ কোৰিয়া সন্দর্ভত গৱেষণা চলাই থকা হং মিনে কিমৰ পত্নী ক’ভিড মহামাৰীৰ বাবেই ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকা বুলি মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে ক’ভিডকালত কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনৰ শীর্ষনেতাগৰাকীয়েও অতি কমসংখ্যক অনুষ্ঠানত অংশগ্রহণ কৰিছিল৷ ৰি ছ’ল–জুক অন্তিমবাৰৰ বাবে দেখা গৈছিল ২০২০ চনৰ ২৫ জানুৱাৰীত৷
ইতিমধ্যে উত্তৰ কোৰিয়াৰ ফার্ষ্ট লেডীগৰাকী সন্ধানহীন হৈ থকা বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্য আগবঢ়াইছে একাংশ কৌতূহলী লোকে৷ একাংশই সদৰী কৰা অনুসৰি ৰি ছ’ল–জুৱে কিমৰ অসুস্থ খুৰীয়েক কিম কিয়ং হীক শুশ্রূষা কৰাৰ বাবেই এবছৰ ধৰি ৰাজহুৱা জীৱন ত্যাগ কৰি আছে৷ ইফালে, একাংশ প্রতিবেদনত ৰিয়ে নিজ কন্যা জু–ইৰ শিক্ষাৰ বাবে এনেদৰে ৰাজহুৱা জীৱনৰ পৰা নিজকে আঁতৰাই ৰখা বুলি দাবী কৰা হৈছে৷