নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৪ শতাংশ বৃদ্ধিৰে ৪.৭ লাখ কোটি টকাৰ প্রতিৰক্ষা বাজেট

ৰে’ল বাজেটত ধার্য ১.১০ লাখ কোটি

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ ক’ৰোনাকালৰ মাজতে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে লোকসভাৰ মজিয়াত দাখিল কৰা কেন্দ্রীয় সাধাৰণ বাজেট ২০২১–২২ত ৰে’ল আৰু প্রতিৰক্ষা শিতানত পূর্বতকৈ অধিক ধনৰ প্রস্তাৱ আগবঢ়ায়৷ চুবুৰীয়া ৰাষ্ট্র চীনৰ সৈতে লাডাখৰ এল এ চিকে ধৰি আন্তঃৰাষ্ট্রীয় সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি দাখিল কৰা বাজেটত প্রতিৰক্ষা শিতানত পূর্বতকৈ ৭.৪ শতাংশ বৃদ্ধি কৰা হয়৷ ২০২১–২২ বর্ষৰ বাবে প্রতিৰক্ষা শিতানত ধার্য কৰা পুঁজি হৈছে ৪,৭৮,১৯৫.৬২ কোটি টকা৷ তাৎপর্যপূর্ণ যে এই ধনৰ পৰা অস্ত্র–শস্ত্র ক্রয় আৰু আধুনিকীকৰণৰ বাবে পূর্বৰ বর্ষতকৈ ১৮ শতাংশ বৃদ্ধি কৰি ধন নির্ধাৰণ কৰিছে ১,৩৫,০৬০ কোটি টকা৷ বিগত ১৫ বছৰৰ তুলনাত প্রতিৰক্ষা শিতানত সর্বাধিক ধন বৃদ্ধি কৰা হৈছে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে বাজেটত প্রতিৰক্ষা শিতানত ধন বৃদ্ধি কৰি ৰাষ্ট্রীয় সুৰক্ষাক গুৰুত্ব দিয়াৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷

উল্লেখ্য যে বিগত দুটা বর্ষৰ লেখীয়াই এইবেলিও বাজেট ভাষণত প্রতিৰক্ষা শিতান সন্দর্ভত কোনো ধৰণৰ বক্তব্য আগবঢ়োৱা নাই বিত্তমন্ত্রীগৰাকীয়ে৷ আনপিনে, মোদী চৰকাৰ ২.০ৰ দিনত স্বৰাজোত্তৰ কালৰে পৰা চলি অহা পৃথক ৰে’ল বাজেট প্রত্যাহৰ কৰি সাধাৰণ বাজেটৰ লগতে ৰে’লক সাঙুৰি লোৱা হৈছে৷ সেইমর্মে আজি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে ৰে’ল বাজেটত ১.১০ লাখ কোটি টকা ধার্য কৰে৷ ৰাষ্ট্রীয় ৰে’ল পৰিকল্পনা ২০৩০ৰ প্রস্তুতিৰে ৰে’ল বাজেটত ১.১০ লাখ কোটি টকা ধার্য কৰা বুলি উল্লেখ কৰি বিত্তমন্ত্রীগৰাকীয়ে কয় যে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ব্রডগজ লাইন ১০০ শতাংশ বিদ্যুতীকৰণ কৰা হ’ব৷ ২০২১ চনৰ শেষলৈকে ব্রডগজ লাইনৰ ৪৬ হাজাৰ কিলোমিটাৰ অর্থাৎ ৭২ শতাংশ সম্পূর্ণ কৰা হ’ব৷ আনপিনে ২০২২ চনৰ জুনৰ ভিতৰত ৱেষ্টার্ন ডেডিকেটেড ফ্রেইট কৰিড’ৰ (ডব্লিউ ডি এফ চি) আৰু ইষ্টার্ন ডি এফ চি সম্পূর্ণ কৰা হ’ব৷ মেক ইন ইণ্ডিয়া ষ্টেটেজীৰ প্রাধান্য দি ৰে’লৰ এই প্রকল্পসমূহ নির্মাণ কৰি থকা হৈছে৷

You might also like