এখন কৃত্ৰিম ভৰিৰ বিচাৰি স্বাস্থ্যমন্ত্ৰীক আহ্বান এগৰাকী ছাত্ৰৰ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ এখন কৃত্ৰিম ভৰিৰ বাবে কাতৰ আহ্বান জনাইছে এগৰাকী ছাত্ৰই। ছয়গাঁও নিৱাসী বিকাশ কলিতা নামৰ এই ছাত্ৰগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁৰ সোঁ-ভৰিখন হেৰুৱাব লগা হৈছিল।
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ বিকাশৰ স্নাতক ডিগ্ৰী লোৱাৰ দুৰ্বাৰ হেঁপাহ আছে। কিন্তু তেওঁ হেৰুৱাব লগা হোৱা ভৰিৰ বাবে কলেজলৈ যোৱাৰ ইচ্ছা থকা সত্ত্বেও যাব নোৱাৰে।
আনহাতে কৃষক পৰিয়ালটো ইতিমধ্যে ৰোগৰ চিকিৎসা কৰাৰ নামত প্ৰায় সৰ্বস্বান্ত হৈ পৰিছে। এনে অৱস্থাত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।