নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুট অভাৰব্ৰিজত পিকোৱাসকলৰ বাবে বিপদঘণ্টা!!

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ জি এছ ৰোডত কালি মুকলি কৰা দুখনকৈ ফুট অভাৰব্ৰিজত তামোল-গুটখা খাই পিকোৱা লোকসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনগত ব্যৱস্থা।

এই বিষয়ে পৰীক্ষা কৰা হ’ব চিচি টিভিৰ ফুটেজ। আজি এই সম্পৰ্কে সাংবাদিকৰ আগত প্ৰকাশ কৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

গুপ্তাই লগতে কয়- ‘এইবোৰ আমাৰ ৰাজহুৱা সম্পত্তি আৰু সকলোৱে এই ৰাজহুৱা সম্পত্তি ভালে ৰাখিব লাগে। যিসকল লোকে এনে কাম কৰিছে, তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব। চিচি টিভিৰ ফুটেজ চাই এনে লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব।’

You might also like