বাঘৰ আতংক নহয়, বাঘৰ আনন্দ উত্তৰ গুৱাহাটীতঃ খুৱালে গাখীৰ-বিস্কুট
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ এটা নাহৰফুটুকী বাঘৰ পোৱালিয়ে লাভ কৰিলে এঘৰ মানুহৰ সান্নিধ্য। গৰু-ছাগলীৰ দৰে এৰালত থাকি খালে গাখীৰ আৰু বিস্কুত।
উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱৰ ধৰণী ঠাকুৰীয়া নামৰ লোকগৰাকীৰ ঘৰৰ দৃশ্য এয়া। আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ৰাস্তাত ইফাল-সিফাল কৰি থকা বাঘ পোৱালিটো দেখি ঘৰলৈ লৈ আহে ঠাকুৰীয়াই।
আঘাতপ্ৰাপ্ত বাঘ পোৱালিটোক ৩.৩০ বজাৰ পৰা ৰাতিপুৱা বন বিভাগৰ লোকে নিবলৈ অহা সময়লৈ গাখীৰ-বিস্কুত খুৱাই ৰাখে তেওঁ। অঞ্চলটোৰ বহু লোকে খবৰ শুনি ঠাকুৰীয়াৰ চোতালত ভিৰ কৰে। বহুতে বাঘৰ লগত ছেলফিও উঠে।
বাঘ পোৱালিক লৈ মুঠতে অঞ্চলটোত এক উছৱমুখৰ পৰিৱেশ সৃষ্টি হয়। পিছত নাহৰফুটুকীটো স্থানীয় চিলা বন সংমণ্ডলক গতাই দিয়া হয়। মাত্ৰ কেইটামান ঘণ্টাৰ বাবে বাঘৰ সান্নিধ্য লভি আনন্দিত হয় গাঁওবাসী।