নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান সমষ্টিৰ ১১৭ টা নামঘৰলৈ আঢ়ৈলাখ টকা অনুদান

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৱল পদক্ষেপ আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্ণ সহযোগিতাত কাৰ্যকৰী দিশত ৰূপায়িত অসম চৰকাৰৰ অভিলাষী যুগান্তকাৰী আঁচনি “অসম দৰ্শন”ৰ অধীনত ৰাজ্যৰ ৮ হাজাৰৰো অধিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ আগবঢ়োৱা এককালীন অনুদানৰ অ‌ংশ হিচাপে দুলীয়াজান সমষ্টিৰ ১১৭টা নামঘৰলৈ আগবঢ়োৱা হৈছে আঢ়ৈ লাখ টকাকৈ অনুদান।

ইয়াৰে প্ৰথম কিস্তিত ৫৫টা নামঘৰ, দ্বিতীয় কিস্তিত ২৭টা নামঘৰ আৰু তৃতীয় কিস্তিত ৩৫টা নামঘৰলৈ অনুদান আগবঢ়োৱাৰ লক্ষ্যৰে কালি প্ৰাৰম্ভিকতে এক আধ্যাত্মিক পৰিৱেশৰ মাজত খেৰেমীয়া আৰু কঁঠালগুৰি পঞ্চায়তৰ ২০টা নামঘৰৰ আধাৰশিলা স্হাপন কৰি আঁচনিৰ শুভাৰম্ভ কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই ।

আধাৰশিলা স্হাপনৰ কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যাম, দুলীয়াজান বিজেপি মণ্ডলৰ সভাপতি সুদৰ্শন বসুমতাৰী, সম্পাদকদ্বয় হেমৰাজ শৰ্মা আৰু শান্তনু তামুলী, কাউঞ্চিলাৰ কমলা বাউৰী, কঁঠালগুৰি পঞ্চায়তৰ সভানেত্ৰী অনামিকা সোণোৱাল, খেৰেমীয়া পঞ্চায়তৰ সভানেত্ৰী শ্ৰীবিৰীয়া হ’ৰ’ প্ৰমুখ্যে ভকত-বৈষ্ণৱ আৰু দলীয় কাৰ্যকৰ্তাসকল।

You might also like