নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জগত সভাত প্রচাৰ কৰিব লাগিব গুৰুজনাৰ কৃতী

শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চতুর্থ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হয়৷ গুৱাহাটীৰ ৰূপনগৰস্থিত বিশ্ববিদ্যালয়খনৰ প্রেক্ষাগৃহত অনুষ্ঠিত এই দীক্ষান্ত সমাৰোহত ১৩গৰাকী শিক্ষার্থীক পি. এইচ. ডি., ২৩গৰাকী শিক্ষার্থীক এম. ফিল. আৰু ৩৫৭গৰাকী শিক্ষার্থীক স্নাতকোত্তৰ ডিগ্রী প্রদান কৰা হয়৷ এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই বিশ্ববিদ্যালয়খনত অধ্যয়নৰত শিক্ষার্থীসকলক গুৰুজনাৰ কৃতি জগত সভাত প্রচাৰ আৰু প্রসাৰ কৰিবলৈ আহ্বান জনায়৷ এই প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘এটা সামাজিক অনুষ্ঠানৰ বুকুৰ পৰা এক সুকীয়া পৰিচয় লৈ আত্মপ্রকাশ কৰা বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰেই নহয়, দেশৰ শিক্ষা জগতত এক উজ্জ্বল জ্যোতিষ্ক হিচাপে পৰিগণিত হ’বলৈ হ’লে অধ্যাপক, শিক্ষার্থীসকলে সমর্পিত মনোভাবেৰে নিজ নিজ দায়িত্ব পালনৰ বাবে আগবাঢ়ি আহিব লাগিব৷ খ্রীষ্টিয় পঞ্চদশ শতিকাতে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে এখন আধুনিক সমাজ সুশৃংখল ৰূপত গঢ় দিয়াৰ বাবে গুৰুজনাই যি প্রয়াস চলাই গৈছে, সেয়া আমি মর্মে মর্মে হূদয়ংগম কৰিব লাগিব৷’ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সেই সময়ত অস্থিৰ আৰু বহুধাবিভক্ত সমাজখনক সু–সংগঠিত কৰি সুস্থিৰতা আৰু সংস্কাৰৰ মাধ্যমেৰে এখন শক্তিশালী সমাজ নির্মাণৰ ভেটি ৰচিছিল বুলি মন্তব্য কৰি সোণোৱালে কয় যে নামঘৰসমূহ প্রতিষ্ঠাৰ জৰিয়তে তেওঁ সুনাগৰিক গঢ়াৰ প্রচেষ্টাত ব্রতী হৈছিল৷ কিন্তু গুৰুজনাৰ এই দর্শনৰ বিশ্বৰ মানৱ সমাজে উমান পাবলৈ এতিয়াও সক্ষম হোৱা নাই৷ সেয়েহে গুৰুজনাৰ নামত প্রতিষ্ঠিত এই বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলে গুৰুজনাৰ বিশাল ব্যক্তিত্বক জগত সভালৈ লৈ যাব লাগিব৷

ভাষণ প্রসংগতে তেওঁ বিশ্ববিদ্যালয়খনত গুৰুজনাৰ জীৱন আৰু দর্শনৰ সামগ্রিক অধ্যয়ন আৰু বিশ্লেষণৰ বাবে এক বিশেষ পাঠ্যক্রম প্রৱর্তন কৰিবলৈ আহ্বান জনায়৷ গুৰুজনাই দেখুৱাই যোৱা আদর্শৰে আগবাঢ়ি ৰাজ্য চৰকাৰে প্রদূষণমুক্ত অসম গঢ়াৰ লক্ষ্য বান্ধি লৈছে বুলি উল্লেখ কৰি সোণোৱালে কয়, ‘গুৰুজনাই কৈ গৈছিল যে এক বৃক্ষ দশ পুত্রৰ সমান৷ গুৰুজনাৰ এই নীতি শিৰোগত কৰি আমি প্রদূষণমুক্ত অসম গঢ়িবলৈ বৃক্ষৰোপণৰ কার্যসূচী হাতত লৈছোঁ৷ বর্তমানলৈ আমাৰ চৰকাৰৰ দিনত ৮ কোটি ৫০ লাখ জোপা গছ ৰোপণ কৰা হৈছে৷ ইতিমধ্যে ৰাষ্ট্রীয় সমীক্ষাত ৰাজ্যত বনাঞ্চল বৃদ্ধি হোৱা বুলিও প্রকাশ কৰা হৈছে৷’ আগন্তুক সময়ত বিশ্ববিদ্যালয়খন আগবাঢ়ি যোৱাৰ ক্ষেত্রত চৰকাৰে সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়াব বুলি তেওঁ আশ্বাস প্রদান কৰে৷ ইফালে, দীক্ষান্ত সমাৰোহত ভাষণ প্রদান কৰি বিশ্ববিদ্যালয়খনৰ আচার্য কমলাকান্ত গগৈয়ে কয় যে স্বাস্থ্য ৰক্ষাৰ পৰা প্রকৃতি সংৰক্ষণলৈকে, ব্যক্তিৰ পৰা বিশ্ব কল্যাণলৈকে, যিমানবোৰ চিন্তা গুৰুজনাই দি থৈ গৈছে সকলোতে আধুনিক আৰু বৈজ্ঞানিক দৃষ্টিভংগী পৰিব্যাপ্ত হৈ আছে৷ এই দৃষ্টিভংগীৰ নৱমূল্যায়নেৰে এটা নৱজাগৰণ আৰম্ভ কৰিব লাগিব৷ বিদ্যায়তনিক আৰু বৌদ্ধিকভাৱে এই জাগৰণক আগবঢ়াই নিব পাৰিলেহে আমাৰ লক্ষ্য পূৰণ হ’ব৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ আঁৰত এনে এক মহৎ উদ্দেশ্য অন্তর্নিহিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়, ‘শিক্ষা ব্যৱস্থাৰ কিছু সংস্কাৰ সাধন কৰি শ্রীমন্ত শংকৰদেৱে দি যোৱা মূল্যবোধৰ শিক্ষাৰে প্রজন্মক শিক্ষিত কৰি এখন নব্য সমাজ ৰচনাৰ যাত্রাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে যাত্রা অব্যাহত ৰাখিছে৷ দেশৰ শৈক্ষিক ক্ষেত্রখনক নেতৃত্ব দিব পৰাকৈ বিশ্ববিদ্যালয়খনক সমর্থৱান কৰি তুলিবলৈ আমি প্রতিজ্ঞাবদ্ধ৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অৱদানৰাজিৰ চর্চা আৰু গৱেষণা বিশ্বব্যাপী কৰি তোলাৰ বাবেও বিশ্ববিদ্যালয়খনে অভিনৱ পৰিকল্পনা প্রস্তুত কৰি ইতিমধ্যে কার্যত অগ্রসৰ হৈছে৷’ দীক্ষান্ত সমাৰোহখনত ভাষণ প্রদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ হিতেশ ডেকাই কয় যে সম্প্রতি বিশ্ববিদ্যালয়খনত ১২টা বিভাগৰ অধীনত বিভিন্ন পাঠ্যক্রমত মুঠ ৭০২গৰাকী ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰি থকাৰ লগতে ৬০গৰাকী শিক্ষকে নিষ্ঠাৰে সেৱা আগবঢ়াই আছে৷

এই শিক্ষাবর্ষত ৮২জন গৱেষক ছাত্রই বিভিন্ন বিভাগত নামভর্তি কৰিছে৷ বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা সহায়–সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ স্থায়ী চৌহদ নির্মাণৰ বাবে চৰকাৰে ৩০০ বিঘা ভূমি আবণ্টন দিয়াৰ লগতে ১০ কোটি টকাৰ এটা কর্পাছ পুঁজি প্রদান কৰিছে৷ ইয়াৰে প্রথম কিস্তিৰ ৩ কোটি টকা শীঘ্রে মোকলাই দিব বুলিও চৰকাৰে আশ্বাস দিছে৷ ভাষণ প্রসংগতে ড০ ডেকাই কয়, ‘আগন্তুক শিক্ষাবর্ষৰ পৰা বিশ্ববিদ্যালয়খনত বাণিজ্য, ভূগোল, সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম মুকলি কৰা হ’ব৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ সাংস্কৃতিক, প্রাকৃতিক আৰু আর্থ–সামাজিক পৰিঘটনাসমূহৰ এক সঠিক–শৈক্ষিক মূল্যায়নৰ বাবে এই বর্ষৰ পৰা উত্তৰ–পূব গৱেষণা কেন্দ্র এটাও মুকলি কৰা হৈছে৷ এই কেন্দ্রৰ অধীনত উত্তৰ–পূর্বাঞ্চলৰ বৈচিত্র্যময় সম্ভাৰৰ অনাৱিষৃকত দিশসমূহৰ গৱেষণা কৰা হ’ব৷ উত্তৰ–পূবৰ বাৰেৰহণীয়া কলা–সংস্কৃতি আৰু সাহিত্যৰাজিক ইলেক্ট্রনিক মাধ্যমত সংৰক্ষণৰ প্রয়াসেৰে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা ডিজিটেল আর্কাইভৰ কাম হাতত লোৱা হৈছে৷ তদুপৰি শৈক্ষিক আৰু গৱেষণাৰ লগত জড়িত কেইবাটাও অনুষ্ঠানৰ সৈতে বিশ্ববিদ্যালয়খনে বুজাপৰাৰ চুক্তি সম্পন্ন কৰিছে৷ ইয়াৰ জৰিয়তে গৱেষণাৰ কর্মসমূহ অধিক ফলপ্রসূ হ’ব বুলি আমি আশাবাদী৷’

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য কিৰণ হাজৰিকাই এই অনুষ্ঠানত উপস্থিত থাকি কয় যে গুৰুজনাৰ আদর্শৰে অনুপ্রাণিত হৈ এনে এখন বিশ্ববিদ্যালয় বহু পূর্বেই প্রতিষ্ঠা হ’ব লাগিছিল আৰু ইয়াৰ বাবে চৰকাৰীভাৱে প্রচেষ্টা চলাব লাগিছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ তৎসত্ত্বেও শ্রীমন্ত শংকৰদেৱ সংঘৰ ভক্ত আৰু পদাধিকাৰসকলে গুৰুজনাক বিশ্ববিদ্যালয় স্থাপনেৰে যি স্থান দিলে, তাৰ জৰিয়তে মহাপুৰুষগৰাকীৰ কর্মৰাজি পূর্ণ মূল্যায়ন হৈছে৷ ইফালে, ভাষণ প্রসংগতে তেওঁ এই বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্র–ছাত্রীসকলক লাভ কৰা ডিগ্রীক লৈ সন্দিহান নহ’বলৈ আহ্বান জনায়৷ ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগে শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক ২ (এফ) প্রদান কৰিছে বুলি উল্লেখ কৰি হাজৰিকাই কয় যে ইয়াৰ ফলত দেশৰ যিকোনো স্থানতে বিশ্ববিদ্যালয়খনৰ ডিগ্রী গ্রহণযোগ্য হ’ব৷ আজিৰ দীক্ষান্ত সামাৰোহত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰা, শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাক্তন পদাধিকাৰ ভবেন্দ্রনাথ ডেকা, সংঘৰ প্রধান সম্পাদক বাবুল বৰাৰ লগতে বিশ্ববিদ্যালয় ন্যাসৰ সভাপতি–সম্পাদক আৰু সদস্যসকল উপস্থিত থাকে৷

You might also like