নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনঃ আমেৰিকান পপ ষ্টাৰ ৰিহানাৰে টক্কৰ কংগনা ৰানাৱটৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কৃষি আইন বাতিলৰ বাবে দেশত চলি থকা কৃষক আন্দোলনৰ সমান্তৰালভাৱে এই আন্দোলনক লৈ চলি আছে আন এখন যুদ্ধ। এই যুদ্ধৰ পৃষ্ঠভূমি ছ’চিয়েল মিডিয়া আৰু যোদ্ধা শিল্পী-অভিনেতা-সমাজকৰ্মী।

কিন্তু এই ৰণাংগনত এক বিশেষ ভূমিকা পালন কৰি আছে মণিকৰ্ণিকা কংগনা ৰানাৱটে। কৃষক আন্দোলনৰ সমৰ্থনত অহা প্ৰায়সংখ্যক টুইটৰে সামনা কৰিছে কংগনাই।

আজি আমেৰিকান পপ ষ্টাৰ ৰিহানাই কৃষক আন্দোলনক লৈ টুইটযোগে পোষ্ট কৰা নিজ অভিমত ‘why aren’t we talking about this?! #FarmersProtest’ক লৈও টুইট কৰিলে কংগনাই।

কংগনাই টুইটত লিখিলে যে ৰিহানা এগৰাকী সাধাৰণ গায়িকা। সুনিধি চৌহান, নেহা কক্কড়ৰ দৰে সাধাৰণ গায়িকা। ইয়াতকৈ ৰিহানাৰ তাত কি বিশেষ আছে।

ইয়াৰ উপৰি অভিনেত্ৰীগৰাকীয়ে ৰিহানাক লৈ কিছু আপত্তিজনক মন্তব্যও কৰিছে। ৰিহানা আৰু কংগনাৰ টুইটক লৈ আহিছে বহুল মত। কিন্তু কংগনাৰ মুখ্য টাৰ্গেট ৰিহানাই এতিয়ালৈ ইয়াৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই।

You might also like